Kim Jong Un : নিৰাপত্তা ভাঙি অষ্ট্ৰেলীয়াৰ প্রধানমন্ত্রীৰ অনুষ্ঠানত ‘কিম জং’ ! তাৰ পাছত…

নির্বাচনী প্রচাৰ কাৰ্যসূচী সমাপন কৰি অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনে মঞ্চৰ পৰা নামিছে । হঠাৎ আহিল ‘কিম জং উন’ । সভাত উপস্থিত কর্মকৰ্তাৰ পৰা আৰম্ভ কৰি সাংবাদিকসকল তেওঁক দেখি থতমত খায় ।

উত্তৰ কোৰিয়াৰ প্রশাসক অস্ট্রেলিয়াত ! যি সমগ্ৰ বিশ্ব‌ই কেতিয়াও কল্পনা কৰিব নোৱাৰে, এনে ‘বিৰল’ ঘটনাত স্তম্ভিত হয় প্রধানমন্ত্রীৰ সভাত উপস্থিত লোকসকল ।

কেৱৰ উপস্থিত হোৱাই নহয়, ৰাজকীয় ভংগীমাত দর্শকসকলক উদ্দেশ্যি হাতো লৰালে, কথাও ক’লে । সকলো ‘কিম’ক লৈ দ্বিধাগ্রস্ত হৈ থকাৰ সময়তে তেওঁ নিজেই ভুল ভাঙি দিলে । প্ৰকৃততে তেওঁ উত্তৰ কোৰিয়াৰ প্রশাসক কিম জং উন নহয় । এই ‘কিম’ উত্তৰ কোৰিয়াৰ প্রশাসকের দৰে হুবহু দেখাত । ফলত সকলোৱে তেওঁক ভুলকৈ উত্তৰ কোৰিয়াৰ প্রশাসক ভাবি লয় ।

কিছুদিন আগতে তেওঁ ভাইৰেলো হৈছিল । প্ৰকৃত নাম হাৱার্ড এক্স । তেওঁৰ প্ৰকৃত পৰিচয় জনাৰ পাছতেই প্রধানমন্ত্রীৰ সংবাদমাধ্যম দলৰ এজন সদস্য‌ই হাওৱার্ডক সভাস্থল ত্যাগ কৰি ওলাই যাবলৈ কয় ।

সেই সময়তো হাৱার্ডে ধেমেলীয়া সুৰত উত্তৰ দিয়ে, ‘‘এজন প্রশাসকক এইদৰে ওলাই যোৱাৰ নির্দেশ দিব নোৱাৰে ।’’ নিৰাপত্তা ভাঙি কেনেদৰে হাৱার্ডে প্ৰৱেশ কৰিলে তাক লৈ তদন্ত আৰম্ভ হৈছে । তেওঁক আটক কৰি জেৰাও কৰে আৰক্ষীয়ে ।

Exit mobile version