Mass Resignation : ঘৰৰ পৰা নহয় কাৰ্যালয়ত আহি কাম কৰক, কর্তৃপক্ষৰ নির্দেশত পদত্যাগ আঠশ কর্মচাৰীৰ !

homeoffice 1024x685 1

কাৰ্যালয়ত গৈ কাম কৰিব নিবিচাৰে । সেয়ে কাৰ্যালয়ত আহি কাম কৰিবলৈ কোৱাত এটা বেচৰকাৰী সংস্থাৰ পৰা পদত্যাগ দিলে আঠশজন কর্মচাৰীয়ে । সূত্রৰ খবৰ, হোৱাইটহেট জুনিয়ৰ নামক এটা বেচৰকাৰী সংস্থাই কর্মচাৰীসকলক কাৰ্যালয়ত আহি কাম কৰিবৰ বাবে ইমেইল পঠিয়াইছিল । ১৮ মার্চত এই ইমেইল পঠোৱা হয় ।

ইমেইলত নির্দেশ দিয়া হয়, কর্মচাৰীসকলে এমাহৰ ভিতৰত মুম্বাই, বেংগালুৰু আৰু গুৰুগ্রামৰ কাৰ্যালয়ত যোগ দিব লাগিব । কিন্তু কোনো কাৰণতেই কাৰ্যালয়ত আহিবলৈ প্ৰস্তুত নাছিল সংস্থাৰ কর্মচাৰীসকল । সেয়ে দুমাহৰ ব্যৱধানত এই সংস্থাৰ পৰা আঠশজন কর্মচাৰীয়ে পদত্যাগ দিলে ।

কৰ’না পৰিস্থিতিৰ পাছৰ পৰা অধিকাংশ‌ সময়তে ঘৰৰ পৰাই কাম কৰিছিল এই সংস্থাৰ কর্মচাৰীসকলে । অৱশ্যে বর্তমান দেশত কৰ’না পৰিস্থিতি স্বাভাৱিক হ’লত কর্মচাৰীসকলক কাৰ্যালয়ত আহি কাম কৰাৰ নির্দেশ দিয়ে কর্তৃপক্ষ‌ই । তাতেই এই বিপত্তি ।

২০২০ত হোৱাইটহেট জুনিয়ৰ সংস্থাৰ মালিকানা আছে বাইজু নামক বেচৰকাৰী সংস্থাৰ । এটাৰ পাছত এটা পদৰ পৰা পদত্যাগ দিয়ে হোৱাইটহেটৰ প্রতিষ্ঠাতাই । তাৰ পাছত এই সংস্থাৰ কর্মচাৰীসকলৰ স’তে ‘অবিচাৰ’ আৰম্ভ হয় বুলিও কর্মচাৰীসকলৰ একাংশৰ অভিযোগ । সূত্রৰ খবৰ, অতি শীঘ্রে আৰু বহু কর্মচাৰীয়ে পদত্যাগ দিব ।

Exit mobile version