Sri Lanka crisis : শ্রীলংকাৰ প্রধানমন্ত্রী পদত ৰনিল বিক্রমছিংঘে, ঘোষণা ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ

pjimage 84

শ্রীলংকাৰ প্রধানমন্ত্রী হিচাপে নিযুক্ত হ’ল ৰনিল বিক্রমছিংঘে । দেশজুৰি অর্থনৈতিক সংকট আৰু অৰাজকতা পৰিস্থিতিত বৃহস্পতিবাৰে এই ঘোষণা কৰিলে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেয়ে । বুধবাৰে ৰাষ্ট্ৰপতিয়ে দেশবাসীক উদ্দেশ্যি ভাষণত নাগৰিকসকলক আশ্বাস দি কৈছিল, শীঘ্রে দেশত নতুন প্রধানমন্ত্রী নিয়োগ আৰু নতুন মন্ত্রীসভা গঠন কৰা হ’ব । ইয়াৰ পাছতেই বৃহস্পতিবাৰে নতুন প্রধানমন্ত্রী নিয়োগৰ খবৰ আহিল দ্বীপৰাষ্ট্রৰ পৰা । যদিও কেতিয়া নতুন মন্ত্রীসভা গঠন হ’ব, সেই বিষয়ত বিস্তাৰিত একো জনোৱা নাই ।

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ সন্মুখত প্রধানমন্ত্রী পদত শপত গ্ৰহণ কৰে শ্রীলংকাৰ ইউনাউটেড নেছনেল পার্টিৰ সদস্য ৭৩ বছৰীয়া বিক্রমছিংঘেয়ে । ২০২০ত শ্রীলংকাৰ সাধাৰণ নির্বাচনত জয়ী হৈ মাহিন্দা ৰাজাপক্ষেয়ে ক্ষমতা দখল কৰিছিল । তাৰ আগতে ২০১৮-১৯ত দ্বীপৰাষ্ট্রৰ প্রধানমন্ত্রী আছিল বিক্রমছিংঘেয়ে ।

যোৱা এপ্রিলৰ পৰা চৰম অর্থনৈতিক সমস্যাত জর্জৰিত শ্রীলংকা । সেই সময়ৰ পৰাই ৰাজাপক্ষেৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ ৰাজপথত নামে জনসাধাৰণ । ৰাজনীতিৰ এনে উত্তপ্ত পৰিস্থিতিৰ সময়তে সোমবাৰে প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিয়ে মাহিন্দাই । তাৰ পাছৰ পৰাই চৰম অৰাজকতা আৰম্ভ হৈছে দেশজুৰি । শাসকদলৰ নেতা-মন্ত্রীসকলৰ বাসগৃহ জ্বলাই দিয়া হয় ।

মঙলবাৰৰ পৰা প্রশাসনৰ কঠোৰ অৱস্থানত এই অৰাজকতা সামান্য ৰোধ হ’লেও বিভিন্ন প্রান্তৰ পৰা অশান্তিৰ খবৰ আহিছিল । তাৰ মাজতেই নতুন প্রধানমন্ত্রী ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ৰাজাপক্ষেয়ে । গোতাবায়াই এইটোও কয় যে, শ্রীলংকাত নতুনকৈ যি মন্ত্রীসভা গঠিত হ’ব, তাত কোনো ৰাজাপক্ষে নাথাকিব । এতিয়া লক্ষ্যণীয় হ’ব যে, কাক লৈ গঠন কৰা হ’ব শ্রীলংকাৰ নতুন মন্ত্রীসভা ।

Exit mobile version