Supreme Court : মহিলাৰ অধিকাৰ কেৱল শহুৰৰ ঘৰতে সীমাৱদ্ধ নহয়, ভাড়াঘৰতো আছে, পর্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

full

বিবাহিত মহিলাসকলৰ বসবাসৰ অধিকাৰ কেৱল শহুৰৰ ঘৰতেই সীমাৱদ্ধ নহয় । কর্মসূত্রত বাহিৰত থকা স্বামীৰ ভাড়াঘৰতো তেওঁৰ থকাৰ অধিকাৰ থাকিব পাৰে । বৃহস্পতিবাৰে গার্হস্থ্য হিংসা গোচৰৰ এটা শুনানিত গুৰুত্বপূর্ণ পর্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ ।

ন্যায়াধীশ এমআৰ শ্বাহ আৰু ন্যায়াধীশ বিভি নাগাৰত্নৰ ডিভিছন বেঞ্চে জনায়, বিবাহিতাসকলৰ সম্পত্তিৰ অধিকাৰৰ বিষয়টো কেৱল স্বামীৰ পৈতৃক গৃহতেই সীমাৱদ্ধ থাকিব, এনে হ’ব নোৱাৰে ।

সংশ্লিষ্ট গোচৰটো দাখিল কৰিছিল এগৰাকী মহিলাই । বিধৱা হোৱাৰ পাছত তেওঁ গার্হস্থ্য হিংসাৰ অভিযোগ কৰে । জনায়, তেওঁৰ বসবাসৰ অসুবিধাৰ কথাও । যাৰ পৰিপ্রেক্ষিতত শীর্ষ আদালতৰ পর্যবেক্ষণ, বহু ক্ষেত্রত দেখা যায় শহুৰৰ ঘৰৰ বাহিৰত থকা ভাৰতীয় মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বিশেষকৈ, তেওঁলোকৰ বসবাসৰ ক্ষেত্ৰত । সেয়ে তেওঁলোকৰ বসবাসৰ অধিকাৰ বা সম্পত্তিৰ অধিকাৰ কেৱল স্বামীৰ পৈতৃক সম্পত্তিৰ মাজতে সীমাৱদ্ধ থকা উচিত নহয় ।

আদালতে এয়াও জনায়, গার্হস্থ্য হিংসাৰ অভিযোগৰ ক্ষেত্রত আইন অনুযায়ী প্রটেকছন অফিচাৰৰ প্ৰতিবেদন প্ৰয়োজন হয় । সেই ক্ষেত্রত বসবাসৰ বিষয়টো যদি প্ৰতিবেদনত উল্লেখ নাথাকেও, সেই ক্ষেত্রতো অধিকাৰৰ বিষয়টো জড়িত হৈ থাকে ।

কিন্তু শহুৰৰ ঘৰৰ পৰিয়ালৰ যিসকল সদস্যৰ বিৰুদ্ধে কোনো মহিলাই গার্হস্থ্য হিংসাৰ অভিযোগ তৰিছে, তেওঁলোকৰ স’তেই একেখন ঘৰতে থকা বাধ্যতামূলক নেকি ? এই বিষয়টোতো মন্তব্য কৰিছে শীর্ষ আদালতে । জনোৱা হৈছে, যিসকলৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গার্হস্থ্য হিংসাৰ অভিযোগ তৰিছে, তেওঁলোকৰ স’তে তেওঁ নিবিচাৰিলে একলগে নাথাকিবও পাৰে । ইয়াৰ উপৰি, কোনো ভাগহোৱা পৰিয়ালৰ কোনো মহিলাই যদি গার্হস্থ্য হিংসাৰ গোচৰ কৰে, তেনেহ’লে বসবাসৰ বাবে তেওঁ সাহায্যৰ আবেদনো কৰিব পাৰে ।

অৱশেষত শীর্ষ আদালতে জনায়, ভাৰতত এগৰাকী মহিলাৰ বাবে শহুৰৰ ঘৰত থকা এটা সামাজিক নিয়ম । যদি কোনো জীৱিকাসূত্ৰে বা অন্যান্য কাৰণত, স্বামী আৰু পত্নী ভিন্ন স্থানত থকাৰ সিদ্ধান্ত লয় । আনকি, য’ত এগৰাকী মহিলাই যুক্তিসংগত কাৰণত স্বামীৰ ঘৰ এৰি অন্যত্র বসবাস কৰিছে, তেঁওৰো সেই ঘৰত থকাৰ অধিকাৰ আছে ।

Exit mobile version