Vande Bharat : যুদ্ধবিধ্বস্ত ইউক্রেইন, ৰোমানিয়াৰ পৰা বিমানত অনা হৈছে ‘বন্দে ভাৰত’ ট্রেইনৰ চকা

Vande Bharat

ৰোমানিয়াৰ পৰা বিমানত অনা হৈছে ‘বন্দে ভাৰত’ ট্রেইনৰ চকা । এই ট্রেইনৰ চকা অনাৰ কথা আছিল ইউক্রেইনৰ পৰা । কিন্তু যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা এই চকাবোৰ অনা সম্ভৱ হোৱা নাছিল ।

সেয়ে ইউক্রেইনৰ পৰা ‘বন্দে ভাৰত’ ট্রেইনৰ চকা স্থলপথেৰে ৰোমানিয়ালৈ পঠিওৱা হয় । তাৰ পাছত ৰোমানিয়া বিমানবন্দৰৰ পৰা এখন বিমান ট্রেইনৰ চকা লৈ ভাৰতক উদ্দেশ্যি ৰাওনা হয় ।

সূত্র খবৰ, কিয়েভ-মস্কো সংঘাতৰ পৰিস্থিতিত ইউক্রেইনৰ পৰা চকা সংগ্রহ কৰাত পলম হোৱাত এই ট্রেইনৰ পৰীক্ষামূলক চলাচলত পলম হৈছিল । সেয়ে যাতে আৰু পলম নহয়, সেয়ে ৰোমানিয়াৰ পৰাই লৈ অহা হৈছে ট্রেইনৰ চকা ।

সূত্র অনুযায়ী, এপ্রিলৰ শেষত পৰীক্ষামূলকভাৱে এই ট্রেইন চলাচলৰ কথা আছিল । কিন্তু এতিয়া আগষ্টৰ শেষত এই ট্রেইন পৰীক্ষামূলকভাৱে চালোৱা হ’ব বুলিও সূত্রৰ খবৰ ।

তথ্য অনুসৰি, তিনিটা পৰ্যায়ত এই চকাবোৰ চেন্নাই বিমানবন্দৰত আহি পাইছে । ইতিমধ্যে বুধবাৰে ৪২টা চকা চেন্নাই বিমানবন্দৰত আহি পাইছে । বাকী চকাবোৰ শুকুৰবাৰ আৰু শনিবাৰে চেন্নাই বিমান বন্দৰত আহি পোৱাৰ কথা ।

চেন্নাইৰ পৰা এই চকাবোৰ ‘বন্দে ভাৰত’ ট্রেইনৰ নির্মাণকাৰী সংস্থা মেধা ছার্ভো ড্রাইভক দিয়া হ’ব ।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে তেওঁৰ বাজেট বক্তৃতাত ঘোষণা কৰে যে, ২০২৫ৰ ভিতৰত ভাৰতত মুঠ চাৰিশটা ‘বন্দে ভাৰত’ ট্রেইন প্ৰস্তুত কৰা হ’ব । প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ঘোষণা কৰিছিল যে, ২০২৩ৰ স্বাধীনতা দিৱসৰ ভিতৰত ভাৰতত ৭৫টা বন্দে ভাৰত ট্রেইন চলোৱা হ’ব ।

২০১৯ত ভাৰতত উচ্চ গতি সম্পন্ন এই ট্রেইন প্রথমবাৰ আৰম্ভ কৰা হয় । বিশেষ সুবিধাযুক্ত এই ট্রেইন এই পর্যন্ত কেৱল দিল্লী-বাৰাণসী আৰু দিল্লী-কাটৰা ৰুটত চলাচল কৰে ।

Exit mobile version