কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ প্ৰশাসন

voting 1200

অহা আঠ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন ৷

ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগে ১২ মে’ত নিৰ্বচনৰ দিন ঘোষণা কৰে ৷২৩মে’ত মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আৰু ২৪মে’ত মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ দিন ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে ৷

আঠ জুনত পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে অনুষ্ঠিত হব ভোট গ্ৰহণ ৷১২ জুনত ভোট গণনা কৰা হব’ ৷আজি বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতটা পৰেষদীয় সমষ্টিৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে ৷

এই সাতটা সমষ্টিৰ মুঠ ২১৮ টা ভোট কেন্দ্ৰৰ ৭৪ টা স্পৰ্শকাতৰ বুলি জানিবলৈ দিয়াৰ লগতে মুঠ ১,৬৯,৭৮৮ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ,ইয়াৰে পুৰুষ ভোটাৰ ৮৫,৮৩৪ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৮৩,৯৫৪ গৰাকী ৷

Exit mobile version