ধনাঢ্য ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ অৱনমিত আদানী ,শীৰ্ষ ১০ৰ পৰা বাহিৰলৈ আম্বানী

027bce101592ba6fbb283c5db7c98f88 original

চলিত বৰ্ষত ধন উপার্জনৰ ক্ষেত্ৰত বিশ্বৰ সকলাে শীর্ষ ধনাঢ্য ব্যক্তিক পৰাভূত কৰা ভাৰতীয় উদ্যোগপতি গৌতম আদানী শেহতীয়াভাৱে একাধিক প্রত্যাহ্বানৰ সন্মুখীন হৈছে।

আদানী গােষ্ঠীৰ শ্বেয়াৰ মূল্য বিগত কেবাদিন ধৰি অৱনমিত হােৱাৰ ফলত আদানীৰ সম্পত্তিৰ পৰিমাণে হ্রাস পাবলৈ ধৰিছে। বিশ্বৰ সবাতােকৈ ধনাঢ্য ১০ অবুদপতিৰ তালিকাত সম্প্রতি আদানীৰ স্থান সপ্তমলৈ অৱনমিত হ’ল।

উল্লেখ্য যে এদিন পূর্বে এইজন ভাৰতীয় উদ্যোগপতিয়ে ধনাঢ্য ব্যক্তিৰ তালিকাত ষষ্ঠ স্থান লাভ কৰিছিল। আদানীৰ দুটা কোম্পানীৰ শ্বেয়াৰ মূল্য শেহতীয়াভাৱে হ্রাস পাইছে।

বিলিয়নে ইনডেক্সৰ তথ্য অনুসৰি যােৱা ২৪ ঘন্টাত আদানীৰ সম্পত্তিৰ পৰিমাণ ৫.৮৪ বিলিয়ন ডলাৰ হ্ৰাস পোৱাৰ ফলত সম্প্ৰতি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০২ বিলিয়ন ডলাৰলৈ অৱনমিত হ’ল ।

ইফালে আনজন ভাৰতীয় ধনাঢ্য অবুৰ্দপতি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ যােৱা ২৪ ঘন্টাত হ্রাস পালে। শুকুৰবাৰে আম্বানীৰ সম্পত্তিৰ পৰিমাণ পুনৰ ১.৮৭ বিলিয়ন হ্রাস পােৱাত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৭.৭ বিলিয়ন ডলাৰলৈ অৱনমিত হ’ল।

দীর্ঘদিন ধৰি ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানীয়ে দশম স্থান নিজৰ দখলত ৰাখিছিল যদিও শুকুৰবাৰে তেওঁ এই তালিকাৰ পৰা বাহিৰ হ’ল। উল্লেখ্য যে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত সম্প্রতি ২১৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে প্রথম স্থানত আছে টেছলা আৰু স্পেচ এক্সৰ মুৰব্বী এলন মাস্ক।

১৩১ বিলিয়ন ডলাৰৰ সম্পত্তিৰে জেফ বেজছে দ্বিতীয় স্থান আৰু ১২২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বৰ্ণার্ড অর্ণান্ট তৃতীয় স্থানত আছে।

Exit mobile version