চীন, দক্ষিণ কোৰিয়াকে ধৰি বিশ্বৰ বহুতো দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও ভাৰতত সাম্প্ৰতিক পৰিস্থিতি স্বস্তিজনক। প্ৰতিদিনে প্ৰায় হ্ৰাস পাইছে সংক্ৰমণ। লগতে নিম্নমুখী সক্ৰিয় ঘটনা।
লগতে আইচিএমআৰে জনাইছে যে বৰ্তমান অৱস্থাত চতুৰ্থ ঢৌৰ কোনো সম্ভাৱনা নাই। অৱশ্যে, বিশেষজ্ঞসকলে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে।
শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ২,৮৫৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত কেৱল দিল্লীতে ৮৯৯ জন লোক আক্ৰান্ত হৈছে।
ইফালে, মহাৰাষ্ট্ৰত এদিনত ১৫০ জনৰো অধিক লোক সংক্ৰমিত হৈছে। কিছুদিনৰ আগতে, সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যাই উদ্বেগ বৃদ্ধি কৰিছিল যদিও, কিন্তু পুনৰ ই হ্ৰাস পাইছে।
বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাই ১৮হেজাৰ ৯৬ হৈছে । সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ হাৰ বৰ্তমান ০.০৪ শতাংশ।
স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনত ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ১১ জন লোকে । এতিয়ালৈকে দেশত ক’ভিডৰ ফলত হোৱা মৃত্যুৰ মুঠ সংখ্যা হৈছে ৫ লাখ ২৪ হেজাৰ ২০১জন।
সংক্ৰমণৰ বিষয়ে উদ্বেগৰ মাজত, অৱশ্যে, দেশত সুস্থতাৰ হাৰ স্বস্তিজনক। পৰিসংখ্যা অনুযায়ী, এতিয়ালৈকে দেশত চাৰি কোটি ২৫ লাখ ৭৬ হেজাৰ ৮১৫ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।
ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত তিনি হেজাৰ ৩৫৫ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে। সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯১ কোটি ১৫ লাখ অধিক কৰ’না ভেকছিন প্ৰদান কৰা হৈছে।