Covid 19 : টিকা গৱেষণাৰ বৃহৎ সাফল্য ,প্ৰথম ‘বাৰ্তাবাহক আৰএনএ’ টিকা প্ৰযুক্তি তৈয়াৰ কৰিছে ভাৰতে

1634807876 vaccine 1

কৰ’না ভেকছিনৰ ক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে। ‘চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজী (চিচিএমবি)’ আৰু বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (চিএছআইআৰ) এক যৌথ উদ্যোগে প্ৰথম স্বদেশীভাৱে বিকশিত ‘মেচেঞ্জাৰ আৰএনএ’ (এমআৰএনএ) ভেকছিন প্ৰযুক্তিৰ বিকাশ সম্পূৰ্ণ কৰিছে। বিশেষজ্ঞসকলে এই মুহূৰ্তত এমআৰএনএ প্ৰযুক্তিক বিশ্বৰ সকলো ভেকছিন প্ৰস্তুত প্ৰযুক্তিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে চিনাক্ত কৰিছে।

কৰ’না মহামাৰীৰ সময়ত বিশ্বই এমআৰএনএ ভেকছিনৰ কাৰ্যকৰীতা দেখিছে। এই প্ৰযুক্তিত তৈয়াৰ ভেকছিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বাধাগ্ৰস্ত সৃষ্টিকাৰী অণুজীৱবোৰ চিনাক্ত কৰিবলৈ প্ৰশিক্ষণ দিয়ে যাতে ৰোগ সৃষ্টিকাৰী উপাদানক শৰীৰৰ পৰা দ্ৰুততাৰে আঁতৰ কৰিব পৰা যায়।

ভাৰতত তৈয়াৰী ভেকছিন প্ৰযুক্তি সম্পূৰ্ণৰূপে দেশীয়। অটল ইনকিউবেচন চেণ্টাৰে (চিচিএমবি) এই সন্দৰ্ভত গৱেষণাৰ কাম আগবঢ়াই লৈছে। গৱেষণা দলটোৰ এজন সদস্য ৰাজেশ আয়াৰে কয়, “নিগনিৰ ওপৰত দুটা এমআৰএনএ ভেকছিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰাৰ পাছত, আমি গুৰুত্বপূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা লক্ষ্য কৰিছিলো। “বৰ্তমান এমআৰএনএ ভেকছিনৰ ওপৰত পৰৱৰ্তী পৰীক্ষণ চলি আছে। তাৰ পাছত ইয়াক ক্লিনিকেল ট্ৰায়েলৰ বাবে প্ৰেৰণ কৰা হ’ব।

কৰ’নাৰ বিৰুদ্ধে কাৰ্যকৰী কেবাটাও ভেকছিন বৰ্তমান সমগ্ৰ বিশ্বতে কাৰ্যকৰী কৰা হৈছে। ভাৰতৰ ভেকছিন গৱেষণাই সমগ্ৰ বিশ্বতে সুনাম অৰ্জন কৰিছে। কিন্তু ইমান দিনধৰি, দেশৰ গুদামত সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে তৈয়াৰ কৰা কোনো এমআৰএনএ ভেকছিন নাছিল। অনাগত দিনবোৰত অভাৱটো পূৰণ হ’ব বুলি আশা কৰা হৈছে। আমেৰিকা আৰু ইউৰোপত মডাৰ্ণা আৰু ফাইজাৰৰ এমআৰএনএ ভেকছিন ব্যৱহাৰ কৰা হৈছে। এইবাৰ ভাৰতত, স্বদেশীভাৱে বিকশিত মেচেঞ্জাৰ আৰএনএ ভেকছিনৰ প্ৰয়োগো আৰম্ভণিৰ পথত ।

Exit mobile version