Fish : মাছমৰীয়াৰ জালত পৰিল ১৮০ কেজি ওজনৰ মাছ ! কিন্তু ক’ত

1652513900 fish

৪০ বা ৫০ কেজি ওজনৰ মাছ নহয় এইবাৰ এজন মাছমৰীয়াৰ জালত উঠিল এটা ১৩ ফুট দীঘল, ১৮০ কেজি ওজনৰ দানবাকৃতি আকৃতিৰ এটা মাছ ।

কম্বোডিয়াৰ মেকং নদীত মাছটো ধৰা পৰিছে। এটা বিৰল প্ৰজাতিৰ ষ্টিং ৰে মাছ। কেৱল সেয়াই নহয়, ই দক্ষিণ-পূব এছিয়াৰ অন্যতম বৃহৎ মিঠা পানীৰ মাছ । অৱশ্যে, মাছটো পাছত নদীত এৰি দিয়া হয়।

মেকং নদীত প্ৰায় এক হেজাৰ প্ৰজাতিৰ মাছ আছে। তাত আছে বিৰল প্ৰজাতিৰ ষ্টিং ৰে । মীন বিজ্ঞানীসকলে জনাইছে যে এটা ষ্টিং ৰে ৩০ ফুট দীঘল হ’ব পাৰে। ওজন প্ৰায় ৩০০ কিলোগ্ৰাম।

যিহেতু এই মাছটো এটা বিপন্ন প্ৰজাতি, এই বৃহৎ মাছ ধৰাৰ পাছতো তেওঁলোকে মাছটো মুকলি কৰি দিয়ে বুলি জনাইছে মাছমৰীয়াসকলে।

Exit mobile version