Wheat Export : মূল্যবৃদ্ধি নিয়ন্ত্ৰণত নতুন পন্থা , ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ নিৰ্দেশ দিলে নৰেন্দ্ৰ মোদী চৰকাৰে

1652508539 wheat

ক্ৰমাগত সামগ্ৰীৰ মূল্যৰ বৃদ্ধিত অসন্তুষ্ট জনতা । এই সন্দৰ্ভত,বিদেশত বৰ্তমানৰ বাবে ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লয় মোদী চৰকাৰে । শুক্ৰবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

কেবাটাও কাৰণত বিশ্বব্যাপী হঠাৎ বৃদ্ধি পাইছে ঘেঁহুৰ মূল্য । চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ে ঘেঁহু ৰপ্তানিৰ ওপৰত কেবাখনো বৈঠক অনুষ্ঠিত কৰে।

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বৰ কৃষি বজাৰত অস্থিৰতা সৃষ্টি হৈছে। বিশ্বৰ অন্যতম ঘেঁহু উৎপাদনকাৰী দেশ ইউক্ৰেইন । সমগ্ৰ ইউৰোপত ঘেঁহু যোগান ধৰা দেশবোৰৰ মাজত এই দেশখনে বৃহৎ বজাৰ দখল কৰিছে।

কিন্তু জেলেনস্কিৰ দেশেও যুদ্ধৰ পৰিস্থিতিত অন্যান্য সামগ্ৰীৰ লগতে ঘেঁহু ৰপ্তানিৰ বাবে জোৰ দিছে। এই ফলত সংকট বৃদ্ধি পাইছে।

আনহাতে, ভাৰত হৈছে এছিয়া আৰু বিশ্বৰ সৰ্ববৃহৎ ঘেঁহু উৎপাদক। ভাৰতে শেহতীয়াকৈ আফগানিস্তানলৈ বৃহৎ পৰিমাণৰ ঘেঁহু ৰপ্তানি কৰিছে। ইয়াৰ উপৰিও, বাংলাদেশ আছে।

কেৱল ২০২১-‘২২ চনত, ভাৰতে ৭০ লাখ টন ঘেঁহু উৎপাদন কৰিছিল। ইয়াৰ ভিতৰত, ৫০ শতাংশ শ্বেখ হাছিনাৰ দেশলৈ ৰপ্তানি কৰা হৈছিল।

এই সন্দৰ্ভত এক বিজ্ঞপ্তিত চৰকাৰে জনাইছে, বিশ্ববজাৰত ঘেঁহুৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ বাবে ৰপ্তানি বন্ধ কৰি দিয়া হৈছে। পাছত পৰিস্থিতিটো বিবেচনা কৰাৰ পাছত ৰপ্তানিৰ ওপৰত পুনৰ সিদ্ধান্ত লোৱা হ’ব।

Exit mobile version