জম্মু-কাশ্মীৰত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা বন্দুক যুদ্ধত মৃত্যু হয় এজন সাধাৰণ নাগৰিকৰ ।মৰ্মান্তিক এই ঘটনাটো ঘটিছে শ্বপিয়ানৰ ।কাশ্মীৰ আৰক্ষীয়ে এই কথা জনাই।
প্ৰকৃততে কি হৈছিল ? উগ্ৰপন্থীসকলে দেওবাৰে শ্বপিয়ানৰ তুৰ্কৱাংগামত হঠাতে চিআৰপিএফৰ টহল বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । প্ৰত্যুত্তৰ দিয়ে সেনাইও ।
আৰম্ভ হয় গুলিৰ যুদ্ধ । সেই সময়ত, এজন সাধাৰণ লোক গুলিবিদ্ধ হয় । মৃত ব্যক্তিজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁৰ নাম শোয়েব আহ গনি। গুলিবিদ্ধ অৱস্থাত তেওঁক পুলৱামাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তাতেই তেওঁৰ মৃত্যু হয়।ইফালে, আক্ৰমণকাৰী উগ্ৰপন্থীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও অঞ্চলটো ঘেৰাও কৰা হয়।
উল্লেখ্য যে যোৱা শুক্ৰবাৰে নিৰাপত্তাৰক্ষীৰ স’তে সংঘৰ্ষত লস্কৰ-ই-তইবাৰ দুজন সন্ত্ৰাসবাদী নিহত হৈছিল। বান্দিপোৰা জিলাৰ আৰাগাম অঞ্চলত সেনা, অৰ্ধসামৰিক আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীৰ স’তে উগ্ৰপন্থীৰ সংঘৰ্ষ হৈছিল।