কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক নিৰ্মম প্ৰহাৰ

চিৰাঙৰ ৰঞ্চাইধাম স্থিত কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰক নিৰ্মম প্ৰহাৰৰ ঘটনা । বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক যোৱা ১১ মে’ৰ নিশা সংঘটিত হয় এই প্ৰহাৰৰ ঘটনা ।

সূত্ৰ অনুসৰি, যোৱা ৰমজান মাহত চেহেৰী খাবলৈ বাধা দিয়াৰ পাছতো চেহেৰী খাই ৰমজানৰ ৰোজা পালন কৰা ছাত্ৰজন ঈদৰ বন্ধত ঘৰলৈ আহে । তাৰ পাছত ১১ মে’ত পুনৰ বিদ্যালয়লৈ যোৱাত সেই নিশাই ন বাজি ৩০ মিনিটত উচ্চতৰ দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰই অইন কোঠাত মাতি লয় মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক আৰু ক্ৰিকেটৰ ষ্টাম্পেৰে নিৰ্মমভাৱে তপিনাত প্ৰহাৰ কৰে । দুবাৰ কৈ অচেতন হৈ পৰা ছাত্ৰজনক পুনৰ পানী খুৱাই চেতনা ঘূৰাই আনি আকৌ প্ৰহাৰ কৰে । লগতে পৰিয়াল বা শিক্ষকক জনালে প্ৰাণে মৰাৰো ভাবুকি দিয়ে দ্বিপ আৰু গুঞ্জন নামৰ ছাত্ৰ দুজনে ।

ছাত্ৰজনে ভয়তে প্ৰথম অৱস্থাত কাকো ক’ব পৰা নাছিল কাৰণ সি পঢ়িবই লাগিব বুলি । অসুস্থ হৈ পৰা ছাত্ৰজন বহিব নোৱাৰে খোজকাঢ়িবও নোৱাৰে । পাছত পৰিয়ালৰ লোকে জানিব পাৰি ঘৰলৈ আনি বঙাইগাঁও নাৰ্ছিং হোমত ভৰ্তি কৰায় চিকিৎসাৰ বাবে । অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা আঘাতৰ চিন সম্পূৰ্ণ স্পষ্ট ।

এই সন্দৰ্ভত বাসুগাঁও থানাত এজাহাৰ দিয়া হ’ব বুলিও জনায় পৰিয়াল তথা আমছুৰ সূত্ৰে । বিষয়টো ইতিমধ্যে চিৰাং জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে বঙাইগাঁও জিলা আমছুৰ সভাপতি ছাদ্দাম হুচেইনে ।

উল্লেখ্য ইয়াৰ পূৰ্বেও চিৰাঙৰ ৰঞ্চাইধামৰ এইখন কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল, ছাত্ৰৰ প্ৰহাৰত এজন ছাত্ৰৰ মৃত্যুও হৈছিল । তাৰ পাছতো পুনৰ এই ধৰণৰ ঘটনাই অভিভাৱকসকলক শংকিত কৰি তুলিছে । যাৰ বাবে আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে পৰিয়ালৰ লোক ।

মহাম্মদ ইমামুল হুচেইন নামৰ প্ৰহৃত ছাত্ৰজন প্ৰথম বৰ্ষ উত্তিৰ্ণ হৈ কেইদিনমান আগতে দ্বিতীয় বৰ্ষত উঠিছেহে। আৰু প্ৰহাৰ কৰা ছাত্ৰ দুজন দ্বিতীয় বৰ্ষৰ চুড়ান্ত পৰিক্ষা দিব। এনে অৱস্থাত এই ধৰণৰ প্ৰহাৰৰ ঘটনাই সকলোকে জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িবলৈ দিয়া ছাত্ৰ-ছাত্ৰী কিমান সুৰক্ষিত তালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Exit mobile version