নোটত কৰ’না সংক্ৰমণ সম্ভাৱনা কম,তুলনাত কাৰ্ডত অধিক বেছি ,দাবী গৱেষণাৰ

1652452543 cash 1

অতিমাৰীৰ আৰম্ভণিতে নগদ লেনদেন হ্ৰাস পাইছিল । স্পৰ্শ এৰাই চলিবলৈ গুৰুত্ব দিয়া হৈছিল নগদবিহীন লেনদেনত । কিন্তু সেই সিদ্ধান্ত ডাঙৰ ভুল বুলি সম্প্ৰতি দাবী কৰিছে এটা গৱেষণাই ।

গৱেষণাটোত জনাইছে, কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত নগদ ধন, অৰ্থাৎ বেঙ্কৰ নোট, সুৰক্ষিত। ইয়াৰ তুলনাত, নগদবিহীন বিকল্প ক্ৰেডিট বা ডেবিট কাৰ্ডে সংক্ৰমণ বিয়পোৱাৰ সম্ভাৱনা অধিক।

কিয় এই দাবী ? গৱেষকসকলে জনাইছে যে, কেবাটাও বেংক নোট, ক্ৰেডিট, ডেবিট কাৰ্ড আৰু মুদ্ৰা পৰীক্ষা কৰি তেওঁলোক নিশ্চিত হৈছে ।

কিয়নো পৰীক্ষাত দেখা গৈছে যে,বেংক নোটত কৰ’না ভাইৰাছৰ অস্তিত্ব আধাঘণ্টাও নাথাকে । কিন্তু ৪৮ ঘণ্টাৰ পাছতো, প্লাষ্টিক কাৰ্ডত কৰ’না ভাইৰাছ ধৰা পৰিছে।

আমেৰিকাৰ ব্ৰিঘম ইয়ং বিশ্ববিদ্যালয়ত এই গৱেষণা প্ৰকাশ পাইছে প্লছ ৱান নামৰ এখন আলোচনীত । ব্ৰিঘমৰ এজন অধ্যাপকে জনাইছে যে পৰীক্ষাটো কৰিবলৈ তেওঁলোকে কেবাটাও নোট, মুদ্ৰা আৰু কাৰ্ডত ৰাখি ঘণ্টাই ঘণ্টাই কৰ’না ভাইৰাছ পৰীক্ষা কৰিছিল। তাতে দেখা যায় যে বেংকৰ নোটত ভাইৰাছটো ৩০ মিনিটো ৰখা নাই ।

এই ক্ষেত্ৰত, উল্লেখনীয় যে আমেৰিকাৰ বিশ্ববিদ্যালয়খনে আমেৰিকান ডলাৰত কৰ’না ভাইৰাছ পৰীক্ষা কৰিছিল। আমেৰিকা , ডলাৰ ৭৫ শতাংশ সূতা আৰু ২৫ শতাংশ লিনেনেৰে তৈয়াৰী। অৱশ্যে ভাৰতৰ নোটত, ১০০ শতাংশ সূতা ব্যৱহাৰ কৰা হয়।

Exit mobile version