মহিলা কৰ্মীসকলক মাহত তিনি দিন ঋতুকালীন ছুটি দিব স্পেইনত ,ভাৰতত কি নিয়ম?

how can i stop prolonged periods naturally

মহিলাসকলে ঋতুকালীন ছুটি পোৱা উচিত ? উত্তৰ এতিয়াও স্পষ্ট নহয় । এই । ইয়াক লৈ বিতৰ্ক তুলে মহিলাসকলে । পুৰুষ-মহিলাৰ বৈষম্যত প্ৰশ্ন উত্থাপিত হয়। এই পৰ্যন্ত পৃথিৱীৰ কিছুমান দেশতে কেৱল এই ছুটি মঞ্জুৰ কৰিছে । এইবাৰ সেই পদক্ষেপ লোৱাৰ পথত স্পেইন । স্পেনিছ সংবাদ মাধ্যমৰ মতে, স্পেনীয় চৰকাৰে তিনিদিনীয়া ঋতুকালীন ছুটি প্ৰদান কৰিব পাৰে ।অহা সপ্তাহত দেশখনৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ঐতিহাসিক ছুটি মঞ্জুৰ কৰিব পাৰে ।

ঐতিহাসিক কাৰণত, ইউৰোপৰ এখন দেশে প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ ছুটি প্ৰদান কৰিব। তথ্য অনুসৰি ঋতুস্ৰাৱৰ ছুটিৰ সময়ত, ঋতুস্ৰাৱৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ বাবে মহিলাসকলে এই ছুটি ল’ব পাৰে। ‘দ্য স্পেনিছ গাইনোকোলজী এণ্ড অবষ্টেট্ৰিক্স চছাইটি’ৰ মতে, ঋতুস্ৰাৱৰ সময়ত এক-তৃতীয়াংশ মহিলা তীব্ৰ পেটৰ বিষত ভোগে।

চিকিৎসা বিজ্ঞানৰ ভাষাত, ইয়াক ‘ডিচমেনোৰিয়া’ বুলি কোৱা হয়। এই ক্ষেত্ৰত, পেটৰ বিষ, মূৰৰ বিষ, ডায়েৰিয়া আৰু আনকি জ্বৰৰ লক্ষণ দেখা দিয়ে। বহুতো মহিলাই ঋতুস্ৰাৱৰ আগতো এই বিষত ভুগে। এই বিষয়সমূহে মনত ৰাখি, স্পেনীয় চৰকাৰে এই ঋতুকালীন বন্ধৰ কথা বিবেচনা কৰিছে।

ইয়াৰ উপৰিও দেশখনে প্ৰতিখন বিদ্যালয়ৰ বাবে চেনিটাৰী নেপকিন থকাটো বাধ্যতামূলক কৰিব । চেনিটাৰী নেপকিন আৰু টেমপেণ্টৰ ওপৰত কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে। লগতে আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়া চেনিটাৰী নেপকিন আৰু টেমপেন দিয়াৰো সিদ্ধান্ত ল’ব পাৰে ।

উল্লেখযোগ্য যে , জাপান, দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়াক ইতিমধ্যে চৰকাৰে ঋতুকালীন ছুটি প্ৰদান কৰিছে। আমেৰিকাৰ কেবাটাও কোম্পানীৰ মহিলা কৰ্মচাৰীসকলৰ বাবে ঋতুকালীন ছুটিও থাকে । ইউৰোপৰ দেশ হিচাবে স্পেইনে প্ৰথম এই ছুটি অনাৰ পথত ।কিন্তু ভাৰতীয় মহিলাসকলে এই ঋতুকালীন ছুটি পাই নে ?

ঋতুকালীন ছুটি উপলব্ধ হ’ব লাগে নে নাই তাক লৈ ইতিমধ্যে এই দেশত বিতৰ্ক চলি আছে।এই বিতৰ্কত মহিলাসকল জড়িত হৈ আছে ।বহুতে কয়,এই ছুটি দিলে কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ মাজৰ বৈষম্য বৃদ্ধি হ’ব।

ইয়াৰ উপৰিও, কেবাটাও কোম্পানীয়ে এককভাৱে ঋতুকালীন ছুটি প্ৰদান কৰে। কিছুমান কোম্পানীয়ে মাহত তিনিদিন, প্ৰায় দুদিন আৰু আন বহুতে এদিন ছুটি দিয়ে। কোম্পানীৰ নিয়মৰ মতে, এগৰাকী মহিলা কৰ্মচাৰীয়ে এবছৰত ১০ দিনৰ ঋতুকালীন ছুটি পাব। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই।

Exit mobile version