মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰক এই উদ্যোগ

প্ৰতি মাহে ৪০ হেজাৰ টকাতকৈও অধিক হ'ব লাভ !

06112019 BiscuitIntl

প্ৰায় প্ৰতি মাহৰ মূৰে মূৰে এতিয়া নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পাইছে । ইয়াৰ ফলত স্বাভাৱিকতে সাধাৰণ মানুহৰ দুৰ্দশা হৈছে । অলপীয়া উপাৰ্জনেৰে বাজেট মিলাব নোৱাৰি এনে পৰিস্থিতিত বহুলোকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । পিছে সমস্যাটো হৈছে কম প্ৰাৰম্ভিক মূলধনেৰে কম সময়তে থিতাপি লগাব পৰা ব্যৱসায় বিচাৰি উলিওৱাটোহে ।

কৰ’না আৰু তলাবন্ধত আৰ্থিক স্বচ্ছলতা হেৰুৱাই পেলোৱা বহুলোকৰ এতি‌য়া নতুন ব্যৱসায় কৰো বুলিলেও মূলধনৰ অভাৱ । এনে স্থলত কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা আঁচনিৰ অধীনত কেনেদৰে লাভজনক ব্যৱসায় কৰিব পাৰি সেই বিষয়ে স্বয়ং কেন্দ্ৰ‌ই মুকলি কৰা প্ৰকল্প প্ৰতিবেদন পঢ়িলে উপকৃত হ’ব পাৰিব এই ধৰণৰ ব্যৱসায় কৰাৰ বাবে আগ্ৰহীসকলে । চৰকাৰৰ দ্বাৰা প্ৰকাশিত এই প্ৰকল্প প্ৰতিবেদনত লাভজনক ব্যৱসায় হিচাপে স্বীকৃতি দিয়া হৈছে বেকাৰী উদ্যোগক ।

বেকাৰী উদ্যোগৰ দ্বাৰা স্বনিৰ্ভৰশীলতা

এই ব্যৱসায় মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰিব পাৰি আৰু ইয়াৰ পৰা প্ৰতি মাহে ৪০ হেজাৰ টকাতকৈও অধিক লাভ আদায় কৰিব পৰা যায় । যদি কোনোবাই মুদ্ৰা আঁচনিৰ অধীনত এই ব্যৱসায় আৰম্ভ কৰে তেন্তে নামমাত্ৰ মূলধন বিনিয়োগ কৰিব লাগিব । বিস্কুট হৈছে এনে এক সামগ্ৰী যাৰ সকলো সময়তে বজাৰত চাহিদা থাকে । বিস্কুটৰ লগতে বজাৰত কেক, পেষ্ট্ৰি, পাউৰুটী আদিৰো চাহিদা প্ৰচুৰ । এই ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা গোট স্থাপন কৰিও বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিব পাৰে ইচ্ছুক ব্যৱসায়ীয়ে ।

বেকাৰী উদ্যোগ এটা খুলিবলৈ বিচাৰিলে আজিৰ তাৰিখত মোদী চৰকাৰৰ পৰা অৰ্থ সাহায্য লাভ কৰিব পাৰে এজন ব্যক্তিয়ে । মুদ্ৰা আঁচনিৰ নিয়ম অনুসৰি, এই ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজন হোৱা মুঠ ব্যয়ৰ ৮০ শতাংশলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে । এই ব্যৱসায় কৰিবলৈ চৰ্ত মাথোঁ এটাই । সেইটো হৈছে – উদ্যোগটো গঢ়িবলৈ প্ৰয়োজন হোৱা ভূমিৰ ব্যৱস্থা নিজেই কৰিব লাগিব ব্যৱসায়ীয়ে । নিজা ভূমি নাথাকিলে ভাড়া কোঠালী লৈ হ’লেও প্ৰকল্পৰ ফাইলত সেই বিষয়ে উল্লেখ কৰিব লাগিব ।

ম্যাদী ঋণ আৰু কাৰ্যকৰী মূলধন ঋণ পাব

চৰকাৰী হিচাপ মতে, এই ধৰণৰ উদ্যোগ এটা স্থাপন কৰোতে গোটেই প্ৰকল্পটোৰ মুঠ ব্যয় হয় প্ৰায় ৫.৩৬ লাখ টকা । ইয়াৰ ভিতৰত ব্যৱসায়ীজনে কেৱৰ এক লাখ টকাহে নিজৰ পৰা বিনিয়োগ কৰিব লাগিব বাকীখিনি খৰচ চৰকাৰে বহন কৰিব । অৱশ্যে ইয়াৰ বাবে ব্যক্তিজন মুদ্ৰা আঁচনিৰ নিয়ম অনুসৰি বাছনি হ’ব লাগিব; তেহে ২.৮৭ লাখ টকাৰ ম্যাদী ঋণ আৰু ১.৪৯ লাখ টকাৰ কাৰ্যকৰী মূলধন ঋণ পাব কেন্দ্ৰৰ পৰা ।

এই ব্যৱসায় কৰাৰ বাবে আবেদনকাৰী ব্যক্তিৰ নিজাকৈ কমেও ৫০০ বৰ্গফুট ভূমি থাকিব লাগিব । অন্যথা ভাড়াৰ খৰচ নিজেই বহন কৰিব লাগিব ব্যৱসায়ীজনে ।

লাভৰ পৰিমাণ

চৰকাৰে প্ৰস্তুত কৰা প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰা মতে, গোটেই বৰ্ষৰ বাবে এই ব্যৱসায়ত উৎপাদন ব্যয় যদি প্ৰায় ৪.২৬ লাখ টকা হয় তেন্তে উক্ত মূল্যত উৎপাদিত বিস্কুট, পাউৰুটী আদি বিক্ৰী কৰি বছৰটোত প্ৰায় ২০.৩৮ লাখ টকা উপাৰ্জন কৰিব পৰা যায় । এবছৰত এই ধৰণৰ উদ্যোগৰ আনুমানিক মুঠ অপাৰেটিং লাভ ৬.১২ লাখ টকাৰ আশে-পাশে থাকে ।

অৱশ্যে উদ্যোগটোৰ পৰিচালনা, বিক্ৰী সামগ্ৰীৰ পৰিবহণ ব্যয় আৰু অন্যান্য কামত প্ৰায় ১,৯০,০০০ টকা অতিৰিক্তকৈ ব্যয় হয় । গতিকে এবছৰত মুঠ লাভ প্ৰায় ৪.২ লাখ টকা বুলি ধৰিব পাৰি ।

আবেদনৰ প্ৰক্ৰিয়া

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত যিকোনো বেংকত আবেদন কৰিব পাৰে । ইয়াৰ বাবে প্ৰথমে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । এই প্ৰ-পত্ৰত নাম, ঠিকনা, ব্যৱসায়, শিক্ষা বৰ্তমানৰ উপাৰ্জনকে ধৰি কে’বাটাও গুৰুত্বপূৰ্ণ তথ্য দিব লাগিব । ইয়াৰ বাবে কোনো প্ৰচেছিং মাচুল বা গেৰাণ্টি মাচুল পৰিশোধ কৰাৰো প্ৰয়োজন নহ’ব । ঋণৰ ধন পাঁচ বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব ।

Exit mobile version