Akshay Kumar : দ্বিতীয়বাৰ ক’ভিডত আক্ৰান্ত অক্ষয় কুমাৰ

1576952 1548232 ak

দ্বিতীয়বাৰৰ বাবে কৰ’নাত আক্ৰান্ত হ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ । শনিবাৰে অভিনেতাজনে নিজেই এই খবৰটো টুইট কৰে। আৰু সেইকাৰণে তেওঁ কাঁন চলচ্চিত্ৰ মহোৎসৱতো উপস্থিত থাকিব নোৱাৰে।

টুইটত তেওঁ লিখে, “এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে মই কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ যোৱাৰ কথা ভাবিছিলো। দুখৰ বিষয়, মই ক’ভিত আক্ৰান্ত। বৰ্তমান জিৰণি লম। অনুৰাগ ঠাকুৰকে ধৰি গোটেই দলটোলৈ মোৰ শুভেচ্ছা। মই সঁচাকৈয়ে বহুত মিছ কৰিম ।”

ফ্ৰান্সৰ জনপ্ৰিয় চলচ্চিত্ৰ মহোৎসৱ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব। এই বছৰৰ ৭৫ তম কাঁন চলচ্চিত্ৰ মহোৎসৱ (Cannes2022) ভাৰতীয় দৰ্শকৰ বাবে একেবাৰে বেলেগ। কাৰণ, দীপিকা, ঐশ্বৰ্যৰ স’তে অক্ষয় কুমাৰকো এই উৎসৱৰ ৰেড কাৰ্পেটত দেখা পোৱাৰ কথা আছিল।

কিন্তু তেওঁ কৰ’নাৰ পজিটিভ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব। কাঁন চলচ্চিত্ৰ মহোৎসৱত ভাৰতক ‘কাণ্ট্ৰি অফ অনাৰ’হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰত-ফ্ৰান্সৰ ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্ক উপলক্ষে ভাৰতক এই সন্মান প্ৰদান কৰা হয়।

Exit mobile version