Andrew Symonds : প্রয়াত এণ্ড্ৰিউ ছাইমণ্ডছ, ৪৬ বছৰ বয়সতে গাড়ী দুর্ঘটনাত প্রাণ হেৰুৱালে অষ্ট্ৰেলিয়াৰ ক্রিকেটাৰে

15symonds baggy1

প্ৰয়াত প্ৰাক্তন ক্ৰিকেট খেলুৱৈ এণ্ড্ৰিউ ছাইমণ্ডছ।গাড়ী দুৰ্ঘটনাত মাত্ৰ ৪৬ বছৰ বয়সতে প্ৰাণ হেৰুৱালে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ ছাইমণ্ডছে।

দুৰ্ঘটনাটো দেওবাৰে টাউনচভিলত সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, এলিচ ৰিভাৰ ব্ৰীজৰ পৰা বাওঁফালে যাওঁতে স্থানীয় সময় অনুসৰি প্ৰায় ১১টা বজাত গাড়ীখন বাগৰি পৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, “প্ৰাথমিক তথ্য অনুসৰি, গাড়ীখন নিশা প্ৰায় ১১ বজাত হাৰ্ভে ৰেঞ্জ ৰোডৰ ওপৰেৰে পাৰ হৈ গৈ আছিল। এলিচ ৰিভাৰ ব্ৰীজৰ ওচৰত বাওঁফালে লৈ যাওঁতে গাড়ীখন ওলোটাই পৰিছিল।

৪৬ বছৰীয়া অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ আৰু তেওঁৰ একমাত্ৰ সহযাত্ৰীক বচাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু তাতে মৃত্যুমুখত পৰে ছাইমণ্ডছ।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ পৰিয়ালৰ ফালৰ পৰা তেওঁৰ মৃত্যুত শোক বাৰ্তা জনাইছে ।

Exit mobile version