Corona in North Korea : তলাবন্ধৰ মাজতেই উত্তৰ কোৰিয়াত কৰ’না বিস্ফোৰণ, মাত্র তিনি দিনত আক্রান্ত আঠ লাখৰ অধিক !

pnaq0tns kim jong un bloomberg

মাত্র তিনি দিনৰ ভিতৰত উত্তৰ কোৰিয়াত শিখৰত আছিল কৰ’না সংক্রমণ । বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১৫ জনৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পূৰ্বেই দেশজুৰি তলাবন্ধ ঘোষণা কৰিছে কিম জং প্রশাসনে ।

দুদিন আগতে ক’ভিডত প্রথম মৃত্যুক লৈ উত্তৰ কোৰিয়াৰ সংক্রমণ পৰিস্থিতিক লৈ উদ্বেগ সৃষ্টি হৈছিল । সম্প্ৰতি স্বাস্থ্যকৰ্মীসকলৰ চিন্তা আৰু বৃদ্ধি কৰিছে সংক্রামিতৰ সংখ্যাৰ চাপে । প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, বিগত কিছু দিনত সৰ্বমুঠ ৪২ জনৰ মৃত্যু হৈছে কৰ’নাত । মাত্র তিনি দিনত কৰ’না আক্রান্তৰ সংখ্যা আঠ লাখ ২০ হেজাৰ ৬২০ জন হৈছে । যাৰ ভিতৰত তিনি লাখ ২৪ হেজাৰ ৫৫০ জন ৰোগী হাস্পাতালত চিকিৎসাধীন ।

এনে পৰিস্থিতিত দেশব্যাপী তলাবন্ধৰ কঠোৰ নিয়ম আৰম্ভ কৰিছে উত্তৰ কোৰিয়াই । পণ্য উৎপাদনৰ পৰা পণ্য পৰিবহণ— সকলো সম্প্ৰতি বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

উত্তৰ কোৰিয়া প্রশাসনৰ দাবী, অ’মিক্রন ৰূপৰ দাপততে সংক্রমণ বাঢ়িছে দেশত । অৱশ্যে বিশেষজ্ঞসকলৰ দাবী, কৰ’না ৰোধ কৰাৰ বিষয়ত উত্তৰ কোৰিয়াৰ উদাসীনতা আছে । প্রথম স্ফীতিৰ পাছতো কিমৰ দেশত এই পর্যন্ত কৰ’না টিকাকৰণ হোৱা নাই । কৰ’না পৰীক্ষাতো জোৰ দিয়া নাই ।

Exit mobile version