COVID-19 : ক’ভিড আপডেট

1649448113 covid

ভাৰতৰ দৈনিক কৰ’না সংক্রমণ বিগত পাঁচ দিনত এয়ে প্রথম আঢ়ৈ হেজাৰৰ তলত নামিল । বিগত ২৪ ঘণ্টাত দুহেজাৰ ৪৮৭ জন কৰ’না আক্রান্ত হৈছে দেশত । অৱশ্যে দৈনিক সংক্রমণ কমিলেও দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়িছে ।

যোৱা ২৪ ঘণ্টাত পজিটিভিটি ৰেট অর্থাৎ মুঠ কৰ’না পৰীক্ষাৰ অনুপাতে আক্রান্তৰ হাৰ আছিল ০.৬১ শতাংশ । কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে দিয়া তথ্য অনুসৰি এই সংক্রমণৰ হাৰ পূৰ্বৰ ২৪ ঘণ্টাত আছিল ০.৫৯ শতাংশ ।

দেওবাৰে পুৱা আঠ বজা পর্যন্ত দিয়া কেন্দ্রৰ হিচাপ অনুযায়ী, দেশত সম্প্ৰতি ১৭ হেজাৰ ৬৯২ জন কৰ’না ৰোগী আছে । এদিনত সুস্থ হৈছে দুহেজাৰ ৮৭৮ জন । এই সংখ্যা অৱশ্যে শনিবাৰৰ হিচাপতকৈ কিছু কম ।

দেশত দৈনিক সংক্রমণৰ নিৰিখত এতিয়াও সকলোতকৈ আগত আছে দিল্লী । বিগত ২৪ ঘণ্টাত ৬৭৩ জন কৰ’না আক্রান্ত হৈছে ৰাজধানীত । কৰ’নাত মৃত্যু হৈছে চাৰিজনৰ ।

সংক্রমণত দিল্লীৰ পাছতেই আছে কেৰালা । এদিনত ৫২৩ জন কৰ’নাত আক্রান্ত হৈছে কেৰালাত । মৃত্যু হৈছে আঠজনৰ । ইয়াৰ ভিতৰত অনথিভুক্ত কিছু কৰ’নাত মৃত্যুৰ হিচাপো ধৰা হৈছে ।

Exit mobile version