Jerusalem : শ্বিৰিনৰ শেষকৃত্যত আক্ৰমণত ক্ষুব্ধ আমেৰিকা

1652583709 jeru

পেলেষ্টাইনি বংশোদ্ভূত আমেৰিকান সাংবাদিক শ্বিৰিন আবু আকলৰ শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ আক্ৰমণত তীব্ৰ প্রতিক্রিয়া জনালে আমেৰিকাই । আজি আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকনে এক বিবৃতিত কয়, ‘‘শ্বিৰিনৰ শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ হস্তক্ষেপৰ দৃশ্য দেখি আমি উদ্বিগ্ন । সন্মানৰ স’তে প্রিয়জনৰ শেষকৃত্য কৰাৰ অধিকাৰ সকলো পৰিয়ালৰে আছে ।’’ হোৱাইট হাউছৰ প্রচাৰসচিব জেন ছাকিয়েও কয়, ‘‘এই দৃশ্য নিঃসন্দেহে উদ্বেগৰ ।’’

শ্বিৰিনৰ মৃত্যুক গৰিহণা দি বিবৃতি দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো সদস্য ৰাষ্ট্র‌ই । ইজৰাইলৰ বিষয়ে নিৰাপত্তা পৰিষদত এই ধৰণৰ ঐক্য বিৰল বুলিয়ে মত কূটনীতিকসকলৰ । ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে নিৰাপত্তা পৰিষদে । শেষকৃত্যৰ সমদলত ইজৰাইলী আৰক্ষীৰ আক্ৰমণৰ সমালোচনা কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিঅ’ গুটেৰেছে ।

১১ মে’ত পেলেষ্টাইনৰ ৱেষ্ট বেংকত জেনিন শৰণার্থী শিবিৰত হিংসাৰ খবৰ সংগ্রহ কৰিছিল আল জাজিৰা চেনেলৰ সাংবাদিক শ্বিৰিনে । সেই সময়তেই গুলিবিদ্ধ হৈ মৃত্যু হয় তেওঁৰ । ইজৰাইলী বাহিনীয়ে তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি দাবী আল জাজিৰাৰ । ইজৰাইলত প্রথমে দাবী কৰে, সশস্ত্র পেলেষ্টাইনীসকলেই সম্ভৱত এই ঘটনাৰ বাবে দায়ী । পাছত অৱশ্যে পিছ হুহুকি তেওঁলোকে জনায়, ঘটনাৰ তদন্ত কৰা হৈছে । সন্ত্ৰাসবাদীসকলক উদ্দেশ্যি ইজৰাইলী স্নাইপাৰে এৰা গুলি লক্ষ্যভ্রষ্ট হৈ শিৰিনক আঘাত কৰিব পাৰে । আকৌ পেলেষ্টাইনীসকলৰ গুলিটো মৃত্যু হ’ব পাৰে তেওঁৰ ।

তাৰ মাজতেই প্ৰকাশ্যত আহে শ্বিৰিনৰ শেষকৃত্যত ইজৰাইলী আৰক্ষীৰ আক্ৰমণৰ দৃশ্য । ইজৰাইলৰ দখলত থকা পূৱ জেৰুজালেমৰ চেন্ট জোচেফ হাস্পাতালৰ পৰা শ্বিৰিনৰ নশ্বৰদেহ ওলোৱাআৰ পাছতেই শেষকৃত্যৰ সমদলত যিসকলে পেলেষ্টাইনী পতাকা লৈ গৈছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ইজৰাইলী আৰক্ষীয়ে । পতাকা কাঢ়ি লোৱা হয় । ঠেলা-হেঁচাত শ্বিৰিনৰ কফিনবাহকসকলো সমস্যাত পৰে ।

ইজৰাইলী আৰক্ষীৰ দাবী, প্রকাশ্যত পেলেষ্টাইনী পতাকা উৰোৱা ইজৰাইলী আইনত নিষিদ্ধ । যাতে উত্তেজনা নাবাঢ়ে তাৰ বাবে শেষকৃত্যৰ সময়ত পেলেষ্টাইনী জাতীয়তাবাদী গীত গোৱাটো নিষেধ কৰিছিল তেওঁলোকে । কিন্তু শেষকৃত্যত উপস্থিত পেলেষ্টাইনীসকলৰ একাংশ‌ই সেই নিষেধাজ্ঞা অৱমাননা কৰাত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

Exit mobile version