Putin : বিদ্রোহ আৰম্ভ ৰাছিয়াত, পুটিনৰ উৎখাতৰ অপেক্ষামাত্র ! দাবী ইউক্রেইনৰ সেনাকর্তাৰ

uoilpns vladimir putin afp

ৰাছিয়াৰ আভ্যন্তৰত বিদ্রোহ আৰম্ভ হৈছে । ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ উৎখাতৰ অপেক্ষামাত্র । আৰু এইটো হ’বই । চাঞ্চল্যকৰ দাবী কৰিলে ইউক্রেইন সেনাৰ মেজৰ জেনেৰেল কিৰিলো বুদানভে ।

স্কাই নিউজ-ক দিয়া এক সাক্ষাৎকাৰত কিৰিলোৱে দাবী কৰে, আগষ্টৰ মাজভাগতেই এই যুদ্ধ‌ই অন্য দিশে গতি কৰিব । আৰু বছৰৰ শেষত যুদ্ধ‌ও শেষ হ’ব । তেওঁ কয়, “যদি ৰাছিয়াই ইউক্রেইনৰ যুদ্ধত হাৰে, তেনেহ’লে পুটিনৰ উৎখাত নিশ্চিত । কেৱল সেয়াই নহয়, ভাঙি পৰিব ৰাছিয়াও ।”

এনে পৰিস্থিতিতে ৰাছিয়াৰ নেতৃত্ব সলনি হ’ব । সেই প্রক্রিয়া ইতিমধ্যে ৰাছিয়াত আৰম্ভ হৈছে বুলি দাবী কিৰিলোৰ । তেনেহ’লে তেওঁ পুটিনৰ বিৰুদ্ধে গণঅভ্যুত্থানৰ কথা ক’ব বিচাৰিছে নেকি ? এই প্রশ্ন কৰাত, কিৰিলোৰ স্পষ্ট উত্তৰ, “অৱশ্যেই । পুটিনৰ বিৰুদ্ধে গণঅভ্যুত্থানৰ পথেই অৱলম্বন কৰিছে ৰাছিয়াই । সেইটো অনিবার্য ।”

এইটো যে প্রচাৰসর্বস্ব দাবী নহয় সেই কথাও জনাইছে ইউক্রেইনৰ সেনাকর্তাই । তেওঁৰ দাবী, ৰুছ ৰাষ্ট্ৰপতি কৰ্কট ৰোগত আক্রান্ত । অসুস্থ । মানসিক আৰু শাৰীৰিক দিশৰ পৰা দুর্বল হৈ পৰিছে । কেৱল কিৰিলোভ নহয়, ইয়াৰ আগতেও কে’বাটাও প্রতিবেদনত প্রকাশিত হৈছিল যে পুটিন গুৰুতৰ অসুস্থ ।

কিছুমান ভিডিঅ’ও প্রকাশিত হৈছিল । য’ত ৰুছ ৰাষ্ট্ৰপতিৰ হাত-ভৰি কঁপি থকা দেখা গৈছিল । তাৰ পাছৰ পৰাই আলোচনা তুংগত পুটিনৰ স্বাস্থ্যক লৈ । যদিও ক্রেমলিনে পুটিনৰ স্বাস্থ্যক লৈ প্রকাশিত প্রতিবেদন সম্পর্কে কোনো প্রতিক্রিয়া দিয়া নাই ।

Exit mobile version