Russia-Ukraine Conflict : খাৰকিভত জয় ইউক্রেইনৰ, চাপত ৰাছিয়া

Untitled 2 2

যুদ্ধক্ষেত্রত এতিয়াও অকলশৰেই যুঁজ দিছে ইউক্রেইনে । কিন্তু ৰাছিয়াৰ বাবে যুঁজ ক্রমশ কঠিন হৈ পৰিছে । ইউক্রেইনৰ অন্যান্য অঞ্চলৰ পৰা পিছুৱাই কেৱল পূৱ ইউক্রেইন দখলেই লক্ষ্য আছিল মস্কোৰ । কিন্তু তাতো মাৰিয়ুপ’লৰ বাহিৰে অন্য কোনো বৃহৎ চহৰ দখল কৰিব পৰা নাই তেওঁলোকে । ডনেৎস্ক আৰু লুহানস্কৰ সৰু সৰু অঞ্চলকে ধৰি আগ্রাসন আৰম্ভ কৰিছে তেওঁলোকে ।

ইয়াৰ পাছত উত্তৰ-পূৱৰ বৃহৎ চহৰ খাৰকিভ দখলত নামে । কিন্তু পুনৰ ব্যর্থতা । খাৰকিভৰ যুদ্ধ জয় কৰে ইউক্রেইনে । চহৰৰ মেয়ৰ ইহৰ টেৰেকোভে জনাইছে, সমস্ত সেনা প্রত্যাহাৰ কৰিছে ৰাছিয়াই । ঘৰ এৰা বাসিন্দাসকলেও উভতিবলৈ আৰম্ভ কৰিছে । ইপিনে, যি নেটোক ৰোধ কৰা তেওঁলোকৰ যুদ্ধ-আৰম্ভণিৰ অন্যতম কাৰণ আছিল, তাৰো নিশ্চয়তা বাঢ়িছে ৰাছিয়াৰ ৰঙা চকু উপেক্ষা কৰি ।

ছুইডেন আৰু ফিনলেণ্ডৰ নেটোত যোগ দিয়াৰ কথা চলিছে । তেওঁলোকে সেই পদক্ষেপ ল’লে যে পৰিণতি ভাল নহ’ব, সেয়া প্রকাশ্যেই ঘোষণা কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । এনে পৰিস্থিতিত ইউৰোপৰ প্ৰায় সমগ্ৰ দেশেই এই দুই দেশক সহযোগ কৰিছে । বিশেষকৈ ব্রিটেইন । ফিনিছ ৰাষ্ট্ৰপতি ছাউলি নিনিষ্টোৱে আজি ফোন কৰি পুটিনক জনায়, আগন্তুক কিছু দিনৰ ভিতৰতে তেওঁলোকে নেটোত যোগ দিয়াৰ আবেদন জনাব ।

তেওঁ পুটিনক জনাইছে, সম্প্রতি ইউক্রেইনত যিদৰে আগ্রাসন চলাইছে ৰাছিয়াই, ফলত ফিনলেণ্ডৰ নিৰাপত্তা পৰিস্থিতি সলনি হৈছে । নিনিষ্টোৱে কয়, ‘‘তেওঁৰ স’তে মুখামুখি আলোচনা হৈছে । ক’বলগীয়াখিনি স্পষ্টভাৱে জনাইছে । কোনো অতিৰিক্ত কথা নহয় । উত্তেজনা বঢ়োৱা কাম্য নহয় ।’’

নেটোত যোগ দিয়া সন্দৰ্ভত ৰাছিয়াই দীর্ঘ সময় ধৰি তাৰ প্রতিবেশী দেশসমূহক সতর্ক কৰি আহিছে । ১৯৪৯ৰ তৎকালীন ছোভিয়েত ইউনিয়নৰ বিৰুদ্ধে এই পশ্চিমীয়া সামৰিক জোঁট গঠন হৈছিল । কিন্তু ক্রমে তাৰ আকাৰ বাঢ়িছে । ইউক্রেইনৰ স’তে যুদ্ধ আৰম্ভণিৰ অন্যতম কাৰণ আছিল, দেশখনৰ নেটো আৰু ইউৰোপীয় ইউনিয়নত যোগ দিয়াৰ ইচ্ছা প্রকাশ । কিন্তু সেয়া ৰোধ কৰিবলৈ গৈ এতিয়া আৰু দুই ৰাষ্ট্র‌ই এই জোঁটত নাম অন্তৰ্ভুক্ত কৰিব লৈছে । প্ৰাপ্ত খবৰ অনুযায়ী, ফিনলেণ্ড আৰু ছুইডেন, দুই দেশেই নেটোত যোগ দিব ।

ইপিনে, বিশ্বৰ শক্তিশালী দেশসমূহৰ জোঁট জি-৭-এ ঘোষণা কৰিছে, ৰুছ আগ্রাসনৰ ফলাফল হিচাপে মস্কো ইউক্রেইনৰ নতুন সীমান্তৰেখা দেখাব বিচাৰিলে, তেওঁলোকে সেই মানত্য নিদিয়ে । জি-৭-ৰ সদস্য দেশসমূহৰ বৈদেশিক মন্ত্রীসকলৰ বৈঠকৰ পাছত আজি এটা বিবৃতি প্রকাশ কৰা হৈছে । বিবৃতিত কোৱা হৈছে, ‘‘সেনা প্ৰেৰণ কৰি ইউক্রেইনৰ সীমান্ত পৰিৱৰ্তনৰ চেষ্টা কৰিছে ৰাছিয়াই । কিন্তু আমি তেওঁলোকৰ সেই প্রচেষ্টাক কোনো কাৰণতেই মান্যতা নিদিওঁ । ইউক্রেইনৰ একতা আৰু সার্বভৌমত্বৰ সমর্থনত তেওঁলোকৰ স’তে থাকিব । ক্রাইমিয়াসহ তেওঁলোকৰ সমস্ত অংশৰ একতাক আমি সমর্থন জনাও‌ঁ ।’’

লগতে এইটোও জনোৱা হৈছে, ভৱিষ্যতে জি-৭-ৰ তৰফৰ পৰা আৰু সামৰিক সাহায্য প্ৰেৰণ কৰা হ’ব ইউক্রেইনক । জি-৭-ত আছে কানাডা, জার্মানী, ফ্রান্স, ইটালী, জাপান, ব্রিটেইন আৰু আমেৰিকা । এটা সময়ত এই গোষ্ঠীৰ স’তে ৰাছিয়াও জড়িত আছিল । কিন্তু ২০১৪ত ইউক্রেইনৰ হাতৰ পৰা ক্রাইমিয়া কাঢ়ি লোৱাৰ পাছত তেওঁলোকক বহিষ্কাৰ কৰা হয় ।

Exit mobile version