কোকৰাঝাৰৰ সৰলপাৰাত আনন্দ উলাহৰ জোৱাৰ

প্ৰথমবাৰৰ বাবে কনিষ্টবলৰ চাকৰিত নিযুক্তি লাভ গাঁওখনৰ এগৰাকী যুৱতীৰ

WhatsApp Image 2022 05 16 at 6.41.53 PM

কোকৰাঝাৰ চহৰৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰলপাৰাৰ চাৰিবিঘা নামৰ পাছপৰা গাঁওখনৰ জীয়ৰী দিব্যা সোনাৰ ৰছাইলিয়ে কনিষ্টবলৰ পদত নিযুক্তি লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । দুৰ্গম অৰণ্য আৰু বাট-পথবিহীন কোনো স্কুল, কলেজ, হাস্পতাল আদি নথকা অঞ্চলটোৰ পৰা তীব্ৰ ইচ্ছাশক্তিৰে ওলাই কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়ন কৰি থকা এম.এ. চতুৰ্থ ষাণ্মাষিকৰ ছাত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া শাৰীৰিক অনুশীলন আৰু অধ্যয়নৰ জৰিয়তে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

চাৰিবিঘা গাঁৱৰ তিলবাহাদুৰ সোনাৰ আৰু মনমায়া সোনাৰৰ জ্যেষ্ঠা কন্যা দিব্যা সোনাৰৰ এই সফলতাই অঞ্চলটোৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে ।

উল্লেখযোগ্য যে অপূৰ্ব প্রাকৃতিক সৌন্দৰ্য্যৰ বাবে বৰ্তমান সময়ত পৰ্যটনস্থলীত পৰিণত হোৱা সৰলপাৰালৈ যাবৰ বাবে এতিয়াও কোনো সুচল যাতায়তৰ ব্যৱস্থা নাই । এনে এখন ভিতৰুৱা গাঁৱৰ পৰা কনিষ্টবলৰ চাকৰি লাভ কৰা প্ৰথমগৰাকী যুৱতী হিচাপে দিব্যা সোনাৰক সকলোৱে প্ৰসংশাৰে উপচাই পেলাইছে ।

Exit mobile version