বকোৰ ২৫ জনীয়া মহিলা অভ্যৰ্থনা দল

বিবাহস্থলীত ভিন্ন জাতীয় সাজপাৰ পৰিধান কৰি আপ্যায়ন কৰে দলটোৱে

WhatsApp Image 2022 05 16 at 8.07.15 PM 1

নিজৰ লগতে আন দহজনক স্বাৱলম্বীতাৰ দিশত আগবঢ়াই নিয়াৰ দৃঢ় সংকল্প লৈ এটা অভ্যৰ্থনা দল খুলিলে বকোৰ সম্ৰাট ৰাভাই । বিশেষভাৱে শিক্ষিত যুৱতীসকলক লৈ ৰামধেনু নামাকৰণত অভ্যৰ্থনা দল গঠন কৰে ।

বকোৰ চুকুনীয়াপাৰাত কাৰ্যালয় মহিলা অভ্যৰ্থনা দলটোৰ । ৰাভা আৰু বড়ো যুৱতীৰ এটা ২৫ জনীয়া মহিলা অভ্যৰ্থনা দলে । দলটোৱে বিবাহ ভেদে ভিন্ন সাজ-পোছাক ৰাভা, বড়ো, মেখেলা চাদৰ পৰিধান কৰি আমন্ত্ৰিত অতিথিসকলক আপ্যায়ন কৰি আহিছে । মহিলা অভ্যৰ্থনা দলটোৰ প্ৰত্যেকগৰাকী যুৱতী শিক্ষিত । কোনোবা গৰাকী উচ্চতৰ মাধ্যমিক কোনোবা গৰাকী স্নাতক উৰ্ত্তীণ হৈছে ।

ক’ভিড পৰিস্থিতিৰ বাবে অৰ্থৰ অভাৱত জুৰুলা হৈ পৰিছিল একাংশ খাতি খোৱা লোক । এই সমস্যাক কেন্দ্ৰ কৰি বকো চুকুনীয়াপাৰাৰ শিক্ষিত যুৱক সম্ৰাট ৰাভাই ২০১৯ত ২৫গৰাকী শিক্ষিত যুৱতীক লৈ মহিলা অভ্যৰ্থনা দলটো খোলে বুলি জানিবলৈ দিয়ে । নিজৰ লগতে শিক্ষিত যুৱতীসকলক লৈ স্বাৱলম্বীতাৰ পথ বাচি লোৱাৰ কথা দোহাৰে ।

একেদৰে কয়, বিশেষভাৱে জাতীয় সাজপাৰ পৰিধান কৰি আপ্যায়ন কৰিলে আমন্ত্ৰিত অতিথিসকলে আনন্দ অনুভৱ কৰাৰ লগতে বিবাহস্থলীৰ সৌষ্ঠৱ বাঢ়ে । ফলত মহিলা অভ্যৰ্থনা দলটো থমকি ৰোৱা নাই । কামৰূপৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এখনৰ পাছত আনখন বিবাহস্থলীত মহিলা অভ্যৰ্থনা দলটোৱে অতিথিসকলক আপ্যায়ন কৰি আহিছে ।

ঠাই ভেদে এখন বিবাহস্থলীত ১৫/২০ হেজাৰ টকা মজুৰি লাভ কৰে দলটোৱে । এখন বিবাহত এগৰাকী যুৱতীয়ে লাভ কৰে ৫০০ টকাকৈ । জাতীয় সাজত আপ্যায়ন কৰি যুৱতীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ বিবাহৰ ৰীতি নীতিৰ স’তে চিনাকী হোৱাৰ কথা ব্যক্ত কৰে । একেদৰে স্বাৱলম্বীতাৰ দিশটো আঙুলিয়াই দিয়ে ।

Exit mobile version