কেৱল আলু আমদানিৰ বাবদ প্ৰতি বছৰে অসমে কমেও ৪,৫০০ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে । ৰাজ্য চৰকাৰৰ এক পৰিসংখ্যাতে পোহৰলৈ আহিছে এই তথ্য ইয়াৰে আটাইতকৈ বেছি পৰিমাণৰ ধন উত্তৰ প্রদেশ আৰু পশ্চিমবংগৰ ব্যৱসায়ীয়ে লাভ কৰে । এটা অংশ লাভ কৰে মেঘালয়ে । অৱশ্যে মেঘালয়লৈ যোৱা ধনৰ পৰিমাণ উত্তৰ প্রদেশ আৰু পশ্চিমবংগৰ তুলনাত যথেষ্ট কম ।
অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ এখন ৰূপে প্ৰতিষ্ঠাৰ লক্ষ্য ঘোষণা কৰাৰ লগতে কৃষি খণ্ডত আত্মনিৰ্ভৰশীলতা গঢ়াৰো আঁচনি গ্ৰহণ কৰা হৈছে । কিয়নো ৰাজ্যখনৰ ৭০ শতাংশ লোক কৃষিজীৱী । গতিকে সঠিক পৰিকল্পনাৰে অসমে কৃষি আত্মনিৰ্ভৰশীলতা অৰ্জনৰ সম্ভাৱনা বহন কৰিছে ।
অসমত খাদ্য হিচাপে আলুৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে হয় । ৰাজ্যখনত বছৰি প্ৰয়োজন হোৱা আলুৰ পৰিমাণ প্ৰায় ৪০ লাখ মেট্ৰিকটন । অসমতো প্ৰচুৰ পৰিমাণে আলু উৎপাদন হয় যদিও উৎপাদিত আলুৱে ৰাজ্যখনৰ চাহিদাৰ ন্যূনতম এটা অংশহে পূৰণ কৰিবলৈ সক্ষম হৈছে ।
ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তথ্য অনুসৰি, অসমত বছৰি আলু উৎপাদন হয় ১১ লাখ মেট্ৰিকটন । এই প্ৰসংগতে কৃষি আৰু যোগান বিভাগৰ সূত্ৰই দাবী কৰে যে চৰকাৰী হিচাপত ১১ লাখ মেট্ৰিকটন বছৰি উৎপাদন হ’লেও প্ৰকৃততে সেই পৰিমাণ যথেষ্ট বেছি; কিন্তু অসমত শীতল ভঁৰালৰ অভাৱত উৎপাদকে আলু দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব নোৱাৰাত তাৰে বেছি অংশই মধ্যভোগীৰ জৰিয়তে বহিঃৰাজ্যলৈ যায় ।
সম্পূৰ্ণ আনুষ্ঠানিক এই ব্যৱসায়ৰ বাবে তাৰ প্ৰকৃত হিচাপ সংগ্ৰহ কৰাটো সম্ভৱ নহয় । অসমৰ আলুৰ এটা বৃহৎ অংশ প্ৰধানকৈ চুবুৰীয়া ৰাজ্যলৈ যায় । আলু হ’ল সোনকালে নষ্ট হোৱা পাচলি । সেয়েহে দীৰ্ঘদিনলৈ সংৰক্ষণ কৰাত শীতল ভঁৰালৰ বিকল্প নাই । অসমত যিহেতু শীতল ভঁৰালৰ সংখ্যা একেবাৰে তাকৰ সেয়েহে খেতিয়কে লোকচানৰ সন্মুখীন নহ’বলৈ এজেণ্টৰ জৰিয়তে উৎপাদিত হেজাৰ হেজাৰ টন আলু বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয় ।
এই সন্দৰ্ভত আলু উৎপাদনৰ অন্যতম কেন্দ্ৰ বিন্দু পশ্চিম অসমৰ মন্দিয়াৰ কৃষক সুজিত সাহাই কয় যে তেওঁ এইবাৰ ৫০ বিঘাৰো অধিক ভূমিত আলু উৎপাদন কৰিছিল । পথাৰৰ পৰা আৰু তোলাৰ পাছতে সেইবোৰ এজেণ্ট প্ৰধানকৈ মেঘালয়ৰ বজাৰলৈ প্ৰেৰণ কৰে । তেওঁ উৎপাদিত আলুৰ এটা কম অংশহে যোৰহাট, ডিব্ৰগড় আদি জিলাৰ বজাৰলৈ যায় । সাহাৰ দৰে এনে বহু উৎপাদকৰ আলু একমাত্ৰ সংৰক্ষণৰ অভাৱত পোনে পোনে বহিঃৰাজ্যৰ বজাৰলৈ মধ্যভোগীৰ জৰিয়তে নিয়মীয়াকৈ যায় ।
উল্লেখ্য যে অসমত মাত্ৰ ৩০টাহে শীতল গৃহ আছে । তদুপৰি সেইবোৰৰ বেছিভাগে কৃষি উৎপাদন হোৱা অধিকাংশ অঞ্চলত নাই । ফলস্বৰূপে কৃষকে উৎপাদিত সামগ্ৰী দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব নোৱাৰে । অসমৰ বিপৰীতে উত্তৰ প্ৰদেশত থকা শীতল গৃহৰ সংখ্যা ১২৩০টা । সেইবোৰত সংৰক্ষণ কৰা ৰাজ্যকেইখনত উৎপাদিত আলু নিয়মীয়াকৈ অসমে আমদানি কৰে । অথচ নিজৰ ৰাজ্যখনতে উৎপাদিত আলু চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা নাই ।
একমাত্ৰ সংৰক্ষণৰ অভাৱত অসমৰ কৃষকে লোকচান ভৰিও বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত নিজৰ উৎপাদিত ফচল তুলি দিবলৈ বাধ্য হৈছে । হাতত সুযোগ থাকিও তাৰ সদ্ব্যৱহাৰত চৰকাৰ ব্যৰ্থ হোৱাৰ পৰিণতিত অসমৰ আলুৰ বজাৰখন উত্তৰ প্রদেশ আৰু পশ্চিমবংগৰ ব্যৱসায়ীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । সেইসকল ব্যৱসায়ীৰ ইচ্ছাৰ ওপৰতে অসমৰ আলুৰ বজাৰৰ দাম নিৰ্ধাৰণ হয় । সামান্য অজুহাততে সেইসকল ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিলে অসমত মূল্য ঊৰ্ধ্বগামী হয় । যিহেতু আলু অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত নপৰে, গতিকে চৰকাৰৰ নিয়ন্ত্ৰণ নথকাত ব্যৱসায়ীৰ ইচ্ছাৰ ওপৰতে মূল্যৰ উঠা-নমা চলে ।