Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

কঁপি উঠে কিয় তাজমহল !

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
May 16, 2022
in Opinion
Reading Time: 1 min read
0
কঁপি উঠে কিয় তাজমহল !
3
SHARES
32
VIEWS
ShareShareShareShare

অভাৱনীয় মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা, গভীৰ আৰ্থিক সংকট আদিৰে পদে পদে অনিশ্চয়তাত ভুগি থকা দেশবাসীৰ সন্মুখত সম্প্ৰতি এনে কেতবোৰ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে, যিবোৰে আমাৰ মূল লক্ষ্য কি হোৱা উচিত তাক লৈয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । এই কথা ইতিমধ্যে বহুবাৰ কোৱা হৈছে যে অধোগামী ভাৰতীয় অৰ্থনৈতিক কৰ’না মহামাৰীয়ে মাধমাৰ শোধাই বিপৰ্যস্ত কৰি পেলাইছে । কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবেই দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱা বুলি অৰ্থনীতিবিদসকলৰ লগতে একাংশ বিজেপি নেতায়ো সমালোচনা কৰি আহিছে ।

ADVERTISEMENT

শেহতীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধ‌ই পৰিস্থিতি অধিক জটিল কৰি তুলিছে । ইন্ধনৰ মূল্যবৃদ্ধিত এই যুদ্ধ‌ই ব্যাপক প্ৰভাৱ পেলাইছে বুলি চৰকাৰীভাৱে কোৱা হৈছে যদিও যুদ্ধৰ পূৰ্বেও দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য যে বিশ্বৰ অন্যতম সৰ্বাধিক আছিল সেই কথা সকলোৰে অৱগত । ইয়াৰ সমান্তৰালভাৱে খাদ্য সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ বাবে দুসাঁজ যোগাৰ কৰিবলৈকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

দিনে দিনে নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে কৰ্মসংস্থাপনৰ সুযোগ হ্ৰাস পাইছে । চৌদিশে এনে হতাশজনক পৰিস্থিতিত জনতাই ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে । অৱশ্যে তাৰ মাজতে দেশৰ মুষ্টিমেয় পুঁজিপতিৰ ধন-দৌলত দিনে দিনে বৃদ্ধি পাইছে আৰু বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত তেওঁলোকে শীৰ্ষস্থান অধিকাৰ কৰিছে । জনজীৱন অনিশ্চিত হৈ পৰিলেও এইসকলৰ ধন-দৌলত বৃদ্ধিয়ে দেশবাসীক ‘অচ্ছে দিন’ৰ সাৰ্থকতা সোঁৱৰাই আছে । চৰকাৰ বাহাদুৰেও তাকে লৈ বিকাশৰ দীঘলীয়া তালিকা আওৰাবলৈ সুযোগ পাইছে ।

এনে পৰিৱেশৰ সমান্তৰালভাৱে দেশত মন্দিৰ-মছজিদ বিতৰ্কক নতুন মাত্ৰা প্ৰদান কৰা হৈছে । প্ৰাচীন হিন্দু মন্দিৰ ধ্বংস কৰি তাৰ ওপৰত মছজিদ নিৰ্মাণৰ প্ৰসংগ উত্থাপন কৰি একাধিক স্থানত এনে মছজিদ আঁতৰাই পুনৰ মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন হৈছে । সম্প্ৰতি উত্তৰ প্রদেশৰ বাৰানসীৰ কাশী-বিশ্বনাথ মন্দিৰৰ সমীপৰ জ্ঞানব্যাপী মছজিদৰ ভিতৰচ’ৰাত ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্দেশ অনুসৰি বিস্তৃতভাৱে ভিডিঅ’গ্ৰাফী কৰা হৈছে, যাতে তাত পুৰণি মন্দিৰৰ অস্তিত্ব থাকিলে তাক নিশ্চিত কৰিব পৰা যায় ।

উল্লেখ্য যে ষষ্ঠদশ শতিকাৰ শেষৰ ফালে মোগল সম্ৰাট আকবৰৰ বিত্তমন্ত্ৰী ৰাজা টোডৰ মলে বাৰানসীৰ সেই সময়ৰ আটাইতকৈ সন্মানীয় ব্ৰাহ্মণ পৰিয়ালৰ মুৰব্বী নাৰায়ণ ভট্টৰ সহযোগত উল্লেখিত স্থানত বিশ্বেশ্বৰ মন্দিৰ স্থাপন কৰিছিল । পৰৱৰ্তী পৰ্যায়ত সপ্তদশ শতিকাত জাহাংগীৰৰ অন্যতম সহযোগী বীৰ সিং দেও বুন্দেলাই মন্দিৰটোৰ সংস্কাৰ সাধন কৰে । ১৬৬৯ৰ আশে-পাশে ঔৰংজেৱে মন্দিৰটো ভাঙি তাত জ্ঞানব্যাপী মছজিদ নিৰ্মাণৰ নিৰ্দেশ দিয়ে । অৱশ্যে মন্দিৰৰ ভেটি আৰু দক্ষিণ দিশৰ দেৱালৰ লগতে আন কেতবোৰ অংশ ধ্বংস নকৰি তাক মছজিদৰ অংশৰূপে ব্যৱহাৰ কৰি আহিছে । এই ভিডিঅ’গ্ৰাফি অহা মঙলবাৰে আদালতত দাখিলৰ নিৰ্দেশ দিয়া হৈছে । এই অধ্যয়নৰ জৰিয়তে তাত মন্দিৰৰ অস্তিত্ব প্ৰমাণিত হ’লে কি পদক্ষেপ গ্ৰহণ কৰা হ’ব সেই কথা অৱশ্যে এই মুহূৰ্তত স্পষ্ট হৈ উঠা নাই ।

এনে মন্দিৰ-মছজিদৰ বিবাদৰ সময়তে বিশ্বৰ সপ্তমাচাৰ্যৰ অন্যতম আগ্ৰাৰ তাজমহলৰ ভিতৰত হিন্দু দেৱ-দেৱতাৰ মূৰ্তি লুকুৱাই থোৱা হৈছে বুলি দাবী কৰা হৈছে । সেই বাবে তাজমহলৰ ২২টাকৈ বন্ধ কুঠৰী খুলি পৰীক্ষা কৰিবলৈ অনুমতি বিচাৰি বিজেপি নেতা ৰাজনীশ সিঙে দাখিল কৰা আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে খাৰিজ কৰিছে । অৱশ্যে তাজমহলক এনে বিতৰ্ক এয়ে প্ৰথম নহয় । ইয়াৰ পূৰ্বেও একে ধৰণৰ দাবীৰে একাধিক লোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও সঁহাৰি পোৱা নাছিল । তৎসত্ত্বেও এই বিতৰ্কৰ অৱসান ঘটা নাই; বৰঞ্চ সময়ে সময়ে ই ব্যাপক ৰূপ ধাৰণ কৰিছে । এই বিতৰ্ক আৰম্ভ হয় পি এন অ’কে ১৯৮৯ত ‘তাজমহল : দ্য ট্ৰু ষ্ট’ৰী’ নামৰ গ্ৰন্থখন প্ৰকাশ কৰাৰ পাছত ।

গ্ৰন্থখনত তেওঁ তেওঁ দাবী কৰে যে তাজমহল ১১৫৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল । ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে ইয়াক ১৭ শতিকাত নিৰ্মাণ কৰা বুলি কৈছিল যদিও অ’কে সেই কথা তেওঁৰ গ্ৰন্থত নাকচ কৰে । লক্ষ্যণীয়ভাৱে অ’কে নিজৰ দাবীৰ সমৰ্থনত বিশ্বাসযোগ্য তথ্য-পাতি দাঙি ধৰিবলৈ সক্ষম হোৱা নাছিল বুলি বিভিন্নজনে মন্তব্য কৰিছে । তেওঁৰ এই গ্ৰন্থৰ ভিত্তিতে পৰৱৰ্তী পৰ্যায়ত তাজমহলত শিৱমন্দিৰ থকাৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পায় । ২০১৭ত বিজেপি নেতা বিনয় কাটিয়াৰে দিবী কৰিছিল যে ‘তেজো মহালয়া’ নামৰ শিৱ মন্দিৰ এটা ধ্বংস কৰি মোগল সম্ৰাট ছাহজাহানে এই স্মৃতিসৌধ নিৰ্মাণ কৰিছিল ।

তাত এটি শিৱলিংগ‌ আছিল বুলিও কাটিয়াৰে দাবী কৰিছিল । সেয়েহে হিন্দুসকলক এই মন্দিৰ দৰ্শন তথা তাত আৰতি কৰিবলৈ অনুমতি প্ৰদানৰ দাবী উত্থাপন কৰিছিল বিজেপি নেতাজনে । অৱশ্যে এই বছৰতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে স্পষ্ট কৰি দিয়ে যে তাজমহলত কেতিয়াও কোনো হিন্দু মন্দিৰ থকাৰ প্ৰমাণ পোৱা নাই । তাৰ পূৰ্বে আন এজন বিজেপি নেতা লক্ষ্মীকান্ত বাজপেয়ীয়ে ২০১৪ত একে দাবী উত্থাপন কৰিছিল ।

২০১৫ৰ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তদানীন্তন সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী মহেশ শৰ্মাই সংসদত দিয়া এক প্ৰশ্নৰ উত্তৰত স্পষ্টভাৱে কৈছিল যে তাজমহলত মন্দিৰ আছিল বুলি কোনো প্ৰমাণ নাই । উল্লেখ্য যে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও পূৰ্বে মন্তব্য কৰিছিল যে তাজমহলে ভাৰতীয় সাংস্কৃতিক প্ৰতিনিধিত্ব নকৰে । লক্ষ্যণীয়ভাৱে ২০১৭ত উত্তৰ প্রদেশ চৰকাৰে ইয়াৰ পৰ্যটন বিভাগে প্ৰকাশ কৰি উলিওৱা ‘উত্তৰ প্ৰদেশৰ পৰ্যটন : সীমাহীন সম্ভাৱনা’ শীৰ্ষক পুস্তিকাত তাজমহলক অন্তৰ্ভুক্ত নকৰাক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছিল । তাৰ উপৰি ঘাইকৈ বিজেপিৰ বহু নেতাই সময়ে সময়ে তাজমহল সম্পৰ্কত বিতৰ্কত মন্তব্য কৰি আহিছে ।

এনে ধৰণৰ বিতৰ্ক সত্ত্বেও তাজমহল ভাৰতৰ এক ঐতিহ্যৰ প্ৰতীকত পৰিণত হৈছে । প্ৰতি বছৰে এক কোটিৰ ওচৰা-ওচৰি দেশ-বিদেশৰ পৰ্যটকে তাজমহল দৰ্শন কৰি তৃপ্তি লাভ কৰি আহিছে । ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা আৰম্ভ কৰি আমেৰিকা প্ৰমুখ্যে বিশ্বৰ সৰ্বশক্তিমান দেশসমূহৰ মুৰব্বীসকলৰ লগতে কলা-সংস্কৃতি-ক্ৰীড়াজগতৰ আটাইতকৈ নামী-দামী তাৰকাসকললৈ, কোনোৱে এই তাজমহল দৰ্শন কৰি নয়ন সাৰ্থক কৰাৰ সুযোগ এৰি দিয়া নাই । পত্নী মমতাৰ প্ৰতি ছাহজাহানৰ প্ৰেমৰ ই প্ৰতীক হোৱাৰ সমান্তৰালভাৱে মোগল সম্ৰাটগৰাকীৰ ধন-সম্পত্তি, ক্ষমতা আৰু সমৃদ্ধিৰো যে ই এক প্ৰতীক তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । তাজমহলক এক নাৰীসুলভ স্থাপত্যৰূপেও আখ্যা দিয়া হৈ আহিছে ।

প্ৰাপ্য তথ্য অনুসৰি, মহাৰজা জয় সিংহক আগ্ৰাৰ মাজমজিয়াত এক বৃহৎ ৰাজপ্ৰসাদ উপহাৰ দি তাৰ বিনিময়ত ছাহজাহানে আগ্ৰা চহৰৰ দক্ষিণে তাজমহল নিৰ্মাণৰ বাবে এই ভূমি লাভ কৰে । প্ৰায় তিনি একৰ ভূমিত খনন কৰি ইয়াক স্মৃতিসৌধ নিৰ্মাণৰ বাবে উপযুক্ত কৰি তোলা হয় । ২২ হেজাৰ শ্ৰমিক, চিত্ৰশিল্পী, বয়নশিল্পী, ভাস্কৰ্য শিল্পীক এই নিৰ্মাণ কাৰ্যত নিয়োজিত কৰাৰ উপৰি সামগ্ৰী পৰিবহণৰ বাবে এহেজাৰৰো অধিক হাতী ব্যৱহাৰ কৰা হৈছিল । ইয়াত ব্যৱহৃত মাৰ্বল আৰু স্ফটিক আদি ৰাজস্থান, পঞ্জাৱ আৰু চীনৰ পৰা আমদানি কৰা হৈছিল ।

তদুপৰি তিব্বত, আফগানিস্তান, শ্ৰীলংকা আৰু আৰৱৰ পৰাও বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি অনা হৈছিল । বিভিন্ন আশ্চৰ্যকৰ কৌশল প্ৰয়োগেৰে ইয়াৰ ভেটি আৰু সমাধি নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ প্ৰায় ১২ বছৰ সময়ৰ প্ৰয়োজন হৈছিল । তাজমহলৰ চৌহদৰ অন্যান্য অংশবোৰ সম্পূৰ্ণ হ’বলৈ অতিৰিক্ত ১০ বছৰ সময়ৰ প্ৰয়োজন হৈছিল । যিহেতু এই সমগ্ৰ চৌহদটোৰ বিভিন্ন অংশ পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হৈছিল সেয়েহে ইয়াৰ সম্পূৰ্ণ হোৱাৰ সময়ক লৈ কিছু অমিল দৃষ্টিগোচৰ হয় । অৱশ্যে সমাধিক্ষেত্ৰটোৰ নিৰ্মাণ কাৰ্য ১৬৪৩ৰ ভিতৰত সম্পূৰ্ণ হৈছিল । তৎকালীন হিচাপত ইয়াৰ ব্যয় প্ৰায় চাৰে সাত হেজাৰ কোটি টকা ।

ভিয়েনা বিশ্ববিদ্যালয়ৰ এছীয় কলা বিভাগৰ অধ্যাপক তথা মোগল স্থাপত্যৰ দীৰ্ঘকালৰ গৱেষক এমা কোচে তাজমহলৰ অধ্যয়নৰ সময়ত উল্লেখিত বিতৰ্কিত কুঠৰীকেইটাৰ ছবি সংগ্ৰহ কৰিছিল । এই কুঠৰীকেইটা গৃষ্মকালত উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হৈছিল । যমুনা নদীৰ দিশত এনে ১৫টা কোঠা গৱেষক কোচে প্ৰত্যক্ষ কৰিছিল ।

ইয়াৰ সাতটা বৃহৎ আৰু আনকেইটা বিভিন্ন জোখৰ সম্ৰাট আৰু তেওঁৰ সহযোগীসকলক শীতল পৰিৱেশ দিয়াৰ উদ্দেশ্যে এই সুন্দৰ স্থান নিৰ্মাণ কৰা হৈছিল বুলি গৱেষকগৰাকীয়ে উল্লেখ কৰিছে । ই মোগল স্থাপত্য কলাৰ অংশ বুলি উল্লেখ কৰি এমা কাচে কৈছে যে পাকিস্তানৰ লাহোৰ চহৰৰ এটি মোগল কিল্লাতো নদীৰ দিশত এনে কুঠৰী আছে ।

সাম্প্ৰতিক জটিল পৰিৱেশত দেশক ঐক্যবদ্ধ কৰি মৌলিক সমস্যাসমূহৰ সন্মুখীন হৈ সেইবোৰৰ সমাধানসূত্ৰ উলিওৱাটোহে আটাইতকৈ জৰুৰী । বৰ্তমানৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে তাৰ মোকাবিলা কৰাটোৱে অসম্ভৱ হৈ পৰিব । সেয়েহে চৰকাৰৰ লগতে সংশ্লিষ্ট সকলো পক্ষ‌ই এই দিশতহে মনোনিৱেশ কৰাটো বাঞ্ছনীয় । এই সময়ত সমাজত বিভাজন সৃষ্টিকাৰী যিকোনো পদক্ষেপে পৰিস্থিতিৰ অৱনতি ঘটোৱাত যে সহায় কৰিব তাত সন্দেহ নাই । যি সময়ত দেশৰ গৰিষ্ঠ সংখ্যক লোকে ভাতমুঠিৰ কাৰণে ব্যতিব্যস্ত হ’বলগীয়া হৈছে সেই সময়ত এনে বিতৰ্ক‌ই কি উদ্দেশ্য পূৰণ কৰিব সিও বিচাৰ্য ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik Agradootpranjal sen dekaTajmahal
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d