Gyanvapi Masjid : জ্ঞানবাপী মছজিদত শিৱলিংগ ! কি কয় অধিবক্তাই

gyanbyapi masjid

ধর্মপ্রাণতা আৰু ধর্মীয় উন্মাদনাক লৈয়েই ভাৰত গঠিত । নানান সময়ত সেয়ে নানা কিছু অৱলম্বন কৰি এই সংক্রান্তত নানা সমীক্ষণ-পৰীক্ষা ইত্যাদি হৈ থাকে । সম্প্রতি যেনেদৰে জানিব পৰা গ’ল জ্ঞানবাপী মছজিদত পোৱা গৈছে শিৱলিংগৰ অস্তিত্ব ।

সংশ্লিষ্ট অধিবক্তা বিষ্ণু জৈনে সংবাদমাধ্যমত জনাইছে, সমীক্ষণৰ কাম শেষ, মছজিদত শিৱলিংগ পোৱা গৈছে । কঠোৰ নিৰাপত্তা দিয়া হৈছে মছজিদত ।

বেনাৰছৰ কাশী বিশ্বনাথ মন্দিৰৰ সংলগ্ন জ্ঞানবাপী মছজিদক লৈ বহুদিন ধৰি নানা তর্ক-বিতর্ক চলিছে । ইয়াকে লৈ কমিটী গঠন কৰা হৈছিল । বিষয়টো আদালত পর্যন্ত পাইছে । অৱশেষত বেনাৰছ ন্যায়ালয়ে আর্কিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ ওপৰত সমীক্ষাৰ দায়িত্ব দিয়ে । সেই সমস্ত পদ্ধতিয়ে ইমান দিন চলিছিল । সেই পদ্ধতিতেই এটা পৰ্যায়ত মছজিদৰ চৌহদত পশ্চিম দেৱালৰ দিশত হিন্দু মন্দিৰৰ ধ্বংসাৱশেষ পোৱা যায় ।

Exit mobile version