Modi’s Nepal visit : বুদ্ধপূর্ণিমাৰ দিনা নেপালত প্ৰধানমন্ত্ৰী মোদী, দেউবাৰ স’তে পূজা-অৰ্চনা কৰিলে মায়াদেৱী মন্দিৰত

1652691717 modi

বুদ্ধপূর্ণিমাৰ দিনা নেপালৰ মায়াদেৱী মন্দিৰত পূজা অৰ্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । এই স্থানে বুদ্ধৰ জন্মস্থান হিচাপে পৰিচিত । সোমবাৰে নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাৰ স’তে লুম্বিনীত যায় প্ৰধানমন্ত্ৰী মোদী । তাত বুদ্ধমন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে, বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্রৰ তেওঁ ভিত্তিপ্রস্তৰ স্থাপন কৰে । সোমবাৰে দেউবাৰ স’তে ছবি টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘বন্ধুত্বৰ চিৰন্তন বন্ধন…!’

সোমবাৰৰ পৰা চাৰি দিনৰ নেপাল ভ্ৰমণত গৈছে প্রধানমন্ত্রী মোদী । ২০২০ত সীমান্ত সমস্যাৰ পাছত এয়ে তেওঁৰ প্রথম নেপাল ভ্ৰমণ । ২০১৪ৰ পৰা এই লৈ পাঁচবাৰ প্রতিবেশী দেশত গ’ল প্ৰধানমন্ত্ৰী মোদী । প্রথমবাৰ এই দেশত ভ্ৰমণত গৈ বিহাৰৰ বোধগয়াৰ পৰা এটা বোধি বৃক্ষ উপহাৰ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰ লুম্বিনীত গৈ সেই গছত পানী দিয়ে দুই দেশৰ প্রধানমন্ত্রীয়ে । এই ভ্ৰমণৰ পৰৱর্তী কাৰ্যসূচীত বুদ্ধজয়ন্তী উপলক্ষে ভাষণ দিব ভাৰতৰ প্রধানমন্ত্রীয়ে ।

নেপালৰ স’তে সামগ্রিকভাৱে সুস্থ সম্পর্কই আছে নতুন দিল্লীৰ । ইয়াৰ আগতে কেপি অ’লিৰ চৰকাৰৰ আমোলত দুই দেশৰ সম্পর্কৰ কিছু অৱনতি হৈছিল । নেপালৰ নতুন চৰকাৰ অহাৰ পাছত পুনৰ সেই সম্পর্কৰ উন্নতি ঘটে ।

Exit mobile version