Ramdas Athawale :কেৱল মাতৃ দিৱস কিয় ? পত্নী দিৱসো পালন কৰক ,দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

1605286997 5faebc55627a8 ramdas athawale

মে মাহৰ দ্বিতীয় দেওবাৰে আন্তৰ্জাতিক মাতৃ দিৱস হিচাপে পালন কৰা হয়। কিন্তু এতিয়াৰ পৰা কেৱল মাতৃ দিৱসেই নহয়, পত্নী দিৱসও উদযাপন কৰা উচিত।

দেওবাৰে এই দাবী জনালে কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যমন্ত্ৰী আৰু বিজেপি নেতা ৰামদাস আঠৱালে ।

মহাৰাষ্ট্ৰৰ চাংলিত এখন সভাত ভাষণ দি আঠৱালে কয়, “যদিও এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দিয়ে, ভাল আৰু বেয়া সময়ত এগৰাকী পত্নী তেওঁৰ স্বামীৰ কাষত থাকে। প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে । আমি পত্নী দিৱসও উদযাপন কৰা উচিত। ”

Exit mobile version