Weight loss : তিনি মচলা : ৰন্ধনত স্বাদ বঢ়োৱাৰ লগতে ওজন কমোৱাতো সহায় কৰিব

1652638037 spices

ওজন কমাবলৈ পাৰ্যমানে পৰিশ্রম কৰে বহুতে । যিকোনো প্ৰকাৰে চেষ্টা কৰে যাতে ওজন নিয়ন্ত্রণত ৰাখিব পাৰে । অৱশ্যে সহজে ওজন কমোৱাৰ উপায় কিন্তু লুকাই আছে ৰন্ধনশালীতে । খাদ্যত স্বাদ বঢ়াবলৈ যাৰ বিশেষ ভূমিকা আছে সিয়ে ওজন কমোৱাৰ ঘৰুৱা উপায় হৈ পৰে ।

কোনবোৰ মচলাই ওজন কমোৱাত সহায় কৰিব আপোনাক ?

দালচিনি : বিভিন্ন ক্ষেত্ৰত দালচিনি ব্যৱহাৰ কৰা হয় । প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট সমৃদ্ধ দালচিনি তিয়াই থোৱা পানী নিতৌ নিয়ম মতে খাওক । দালচিনিয়ে শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰাৰ লগতে ওজন কমোৱাতো সহায় কৰে ।

সৰু ইলাচি : সৰু ইলাচিত মেলাটোনিন থাকে, যিয়ে শৰীৰৰ বিপাক হাৰ বৃদ্ধি কৰাত সহায় কৰে । ফলত শৰীৰৰ পৰা মেদো দ্ৰুত কমে । নিশা শোৱাৰ আগতে উষ্ণ গৰম পানীত ইলাচি মিহলি কৰি খাওক । দ্রুত মেদ কমিব ।

জিৰা : ওজন কমোৱাৰ আৰু এটা উপকাৰী মচলা হ’ল জিৰা । ৰন্ধনৰ অন্যতম প্রধান এই উপকৰণবিধে ওজন কমোৱাতো সহায় কৰে । গোটেই নিশা আধা কাপ পানীত এচামুচ জিৰা তিয়াই ৰাখক । পাছদিনা পুৱা খালি পেটত সেই পানী চেকি খাওক । দ্রুত ওজন কমিব ।

Exit mobile version