এইবাৰ দেশৰ ‘চিমেন্ট কিং’ হ’ব আদানী, ১০.৫ বিলিয়ন ডলাৰত ক্রয় অম্বুজা-এচিচি

8d2ff5f59f3d162518a8735991135997 original

আদানী গ্রুপে ছুইজাৰলেণ্ডৰ হলিছম গ্রুপৰ পৰা ১০.৫ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রা ৮১,০০০ কোটি টকাত ভাৰতত থকা চিমেণ্টৰ ব্যৱসায় ক্রয় কৰিলে।

ADVERTISEMENT

হলিছম গ্রুপৰ ভাৰতত দুটাকৈ বৃহৎ চিমেন্ট কোম্পানীত শ্বেয়াৰ আছিল। অম্বুজা চিমেণ্টৰ ৬৩.১৯ শতাংশ আৰু এচিচি চিমেণ্টত ৫০.০৫ শতাংশ শ্বেয়াৰৰ গৰাকী হলিছম গ্রুপৰ পৰা উক্ত অংশীদাৰিত্ব ক্রয় কৰিলে আদানী গ্রুপে।

এই ব্যৱসায়িক লেনদেনৰ ফলত এতিয়াৰে পৰা অম্বুজা আৰু এচিচি চিমেণ্টৰ মালিকানা আদানী গ্রুপে লাভ কৰিব। ১০.৫ বিলিয়ন ডলাৰৰ বিনিময়ত অম্বুজা আৰু এচিচি চিমেন্ট ক্রয়ৰ জৰিয়তে গৌতম আদানী এইবাৰ ভাৰতৰ ‘চিমেণ্ট কিং হিচাপে পৰিচিত হ’ব।

Exit mobile version