তিনি-চাৰি বছৰতো বানৰ সমস্যাৰ পৰা নিস্তাৰ নাই মহানগৰীৰ বাসিন্দাৰ

বহু কোটি ব্যয় কৰিও সমস্যা সমাধানত ব্যৰ্থ গুৱাহাটী পৌৰ নিগম

2c7dd69748a5b012a62fe08bff3402df

ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰিও গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা সকাহ দিব পৰা নাই গুৱাহাটী পৌৰ নিগমে । কৃত্ৰিম বান ৰোধৰ উদ্দেশ্যে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা উচ্চ প্ৰযুক্তিৰ ছুপাৰ ছাকাৰ, ৰবট ব্যৱহাৰ কৰি থকাৰ পাছতো কৃত্ৰিম বানৰ সমস্যা ৰোধত ব্যৰ্থ হৈছে পৌৰ নিগম ।

উল্লেখ্য যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড বিগত বৰ্ষত মুঠ ২৫ কোটি টকা ব্যয় কৰি ১০টা ছুপাৰ ছাকাৰ ক্ৰয় কৰি পৌন নিগমক হস্তান্তৰ কৰিছিল । তেতিয়াৰ পৰাই পৌৰ নিগমে স্পষ্ট কৰি দিলেও মহানগৰবাসীয়ে এই সমস্যাৰ পৰা নিস্তাৰ পোৱা নাই ।

নিগমৰ এক সূত্ৰৰ মতে, এই ছুপাৰ ছাকাৰসমূহ ব্যৱহাৰ কৰাৰ নামত দৈনিক ব্যয় হৈছিল লাখ লাখ টকা; কিন্তু ইয়াৰ সুফল গুৱাহাটীবাসীয়ে নাপালে । অভিযোগ অনুসৰি, জাবৰ নিষ্কাষণৰ নামত ৰাইজৰ ধনৰ শ্ৰাদ্ধ পাতিলে পৌৰ নিগমে । কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই কাম আৰম্ভ কৰি বান ৰোধৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা পৌৰ আয়ুক্তৰ সেই প্ৰতিশ্ৰুতিকে উটোৱাই নিলে গুৱাহাটীৰ কৃত্ৰিম বানে ।

দুই-তিনিদিনীয়া নেৰানেপেৰা এজাক বৰষুণে তছনছ কৰি পেলালে স্মাৰ্ট চিটিৰ দিশে অগ্ৰসৰ হৈ থকা বুলি সততে ঘোষিত মহানগৰী । ইয়াৰ পাছতো কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰা পৌৰ নিগমে দায়সৰা মন্তব্য দিবলৈ এৰা নাই ।

লক্ষ্যণীয়ভাৱে নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমক গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰাটো ইমান সহজ নহয় বুলি মন্তব্য কৰে । ইয়াৰ কাৰণৰূপে তেওঁ পানী ওলাই যাব পৰা বাটসমূহ তথা নলা-নৰ্দমা আৰু নৈসমূহত বেদখল হোৱা বুলি উল্লেখ কৰে । উক্ত স্থানসমূহ পুতি গুৱাহাটীবাসীয়ে ঘৰ-ফ্লেট নিৰ্মাণ কৰাৰ বাবেই বৰষুণৰ পানী ওলাই যাব নোৱাৰে বুলি শৰ্মাই কাৰণ দৰ্শায় । কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰা পৌৰ নিগমে আওপকীয়াকৈ ইয়াৰ বাবে জগৰীয়া কৰে গুৱাহাটীবাসীক ।

পৌৰ আয়ুক্ত শৰ্মাই লগতে গুৱাহাটীৰ নাগৰিকে বৰষুণৰ পানী ওলাই যোৱা পথসমূহ বেদখল কৰা, ভৰলু নৈ ভেটা দিয়া, চফা কৰা নলা-নৰ্দমা জাবৰেৰে ভৰাই পেলোৱা ইত্যাদি কাৰণসমূহৰ বাবেই গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত বাধা আহি পৰা বুলি কয় । এই সন্দৰ্ভত তেওঁ কয়, ‘এই কথা সঁচা যে আমি কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই যদিও এইবেলি পাহাৰৰ পানী, মেঘালয়ে এৰা পানী, বৰষুণৰ পানী আদি ভৰলু, লখিমী জান, পামহিৰ লগতে অন্যান্য নৈ নলা-নৰ্দমাৰে আমি উলিয়াই পেলাবলৈ সক্ষম হৈছো । পূৰ্বতকৈ এইবেলি বৰষুণৰ পনী বেছি সময়লৈ ৰৈ থকা নাই । আশা কৰো আমি যি ধৰণে বান ৰোধৰ বাবে কাম কৰি আছো, এনেকৈ কৰিলে তিনি-চাৰি বছৰৰ ভিতৰত গুৱাহাটীবাসীয়ে বানৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ নাপালেও বান সমস্যা কিছু হ্ৰাস পাব ।’

শৰ্মাই লগতে এইবাৰ নতুন পাৰিষদসকলক লৈ পূৰ্বতকৈ অধিক নিয়াৰিকৈ আৰু তীব্ৰ গতিত কাম কৰা হ’ব বুলি উল্লেখ কৰে । উল্লেখ্য যে গুৱাহাটীৰ নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰিবলৈয়ো গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছিল ৰবট; কিন্তু সেই ৰবটেও হেনো নোৱাৰে নলা পৰিষ্কাৰ কৰিব । এই ভাষ্য প্ৰকাশ কৰিছে পৌৰ আয়ুক্ত শৰ্মাই ।

তেওঁ জনোৱা অনুসৰি, নলাৰ ভিতৰত মানুহ সোমাব পৰা নাযায় বাবেই ৰবট ক্ৰয় কৰা হৈছিল; কিন্তু গুৱাহাটীৰ পদসমূহত থকা ,’মেনহল’বোৰত ৰবট ব্যৱহাৰ কৰিব লাগিলে যিমান সময় খৰচ হ’ব সেই সময়খিনিত মানুহ এজনেই সেই কাম কৰিলে বেছি ভাল । গুৱাহাটীৰ সকলো ঠাইত ৰবট ব্যৱহাৰ কৰিব নোৱাৰি বুলিও তেওঁ স্পষ্ট কৰে । লগতে তেওঁ ছুপাৰ ছাকাৰ অধিক পানী থকা ঠাইত ফলপ্ৰসূ নহয় বুলিও কয় । কেৱল বোকা থকা ঠাইতহে ছুপাৰ ছাকাৰ কাম দিয়ে বুলিও তেওঁ সদৰী কৰে ।

তেনেস্থলত অবাবত অৰ্থ ব্যয় কৰি ৰবট কিনাৰ যুক্তি ক’ত, সেয়া গুৱাহাটীবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । আয়ুক্ত শৰ্মাই মহানগৰবাসীক জাবৰ নিষ্কাষণৰ ক্ষেত্ৰত পৌৰ নিগমক সহায়-সহযোগ কৰিবলৈ অনুৰোধ জনায় । সকলোকে ডাষ্টবিন ব্যৱহাৰ কৰি তিতা আৰু শুকান জাবৰ পৃথককৈ পেলাবলৈও তেওঁ আহ্বান জনায় । লগতে এই সন্দৰ্ভত পৌৰ নিগমে তিনিমাহলৈ ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰি এই নিয়ম নামানিলে পৰৱৰ্তী সময়ত জৰিমনা বিহা হ’ব বুলিও স্পষ্ট কৰি দিয়ে ।

Exit mobile version