মঙলদৈত গৰাখহনীয়াৰ বুজ ল’লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

WhatsApp Image 2022 05 17 at 1.46.37 PM

মঙলদৈ সমষ্টিৰ অন্তৰ্গত শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ কিছু অংশ পুৱতি নিশা নদীৰ পানীয়ে হঠাৎ খহাই নিয়াৰ খবৰ লাভ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

পানীৰ পৰিমাণ কিছু কমাৰ লগে লগে মথাউৰিৰ চিঙা অংশ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে ।

বানাক্ৰান্তসকলক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিবলৈও মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ।

Exit mobile version