British Geologist arrest : ইৰাকত মৃত্যুদণ্ডৰ শাস্তি ব্রিটিছ ভূতত্ত্ববিদসহ এজন জার্মানক

1652746003 british geologist

দক্ষিণ ইৰাকৰ এৰিদু চহৰৰ এটা পুৰাতাত্ত্বিক অঞ্চলৰ পৰা ১২টা শিল আৰু প্রাচীন পাত্রৰ ভঙা অংশ নিজৰ দেশত লৈ যোৱাৰ পৰিকল্পনা কৰিছিল অৱসৰপ্রাপ্ত এজন ব্রিটিছ ভূতত্ত্ববিদে । সেই অভিযোগত মৃত্যুদণ্ড ঘোষণা কৰা হৈছে তেওঁক । একেই অৱস্থা হৈছে এজন জার্মান পর্যটকৰো ।

সংবাদমাধ্যম সূত্রে খবৰ, অভিযুক্ত ৬৬ বছৰ বয়সৰ ভূতত্ত্ববিদজনৰ নাম জিম ফিটন । তেওঁ আৰু ফলকাৰ ৱাল্ডমান নামৰ এজন জার্মান পর্যটক এটা পুৰাতাত্ত্বিক আৰু ভূবৈজ্ঞানিক ভ্ৰমণত আহিছিল । তাৰ পৰাই এই সমস্ত সামগ্ৰী সংগ্রহ কৰে তেওঁলোকে ।

যোৱা ২০ মার্চত দেশত উভতাৰ সময়ত বিমানবন্দৰত ধৰা পৰে দুয়োজন । তাৰ পৰাই তেওঁলোকক আটক কৰা হয় । যোৱা ১৫ মে’ত তেওঁলোকৰ গোচৰৰ শুনানি হয় । বিচাৰকৰ আগত তেওঁলোকে জনায়, তেওঁলোক ইৰাকৰ আইন সম্পর্কত অৱগত নাছিল । নিতান্ত উপহাৰ হিচাপে শিল আৰু ভঙা পাত্রৰ অংশ সংগ্রহ কৰিছিল ।

ফিটন আৰু ৱাল্ডমানৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰিছে মানৱাধিকাৰ কর্মকৰ্তাসকলে ।

Exit mobile version