Goldman Sachs : যিমান ইচ্ছা ছুটি ল‌ওক ! পুৰণা কর্মচাৰীসকলক ধৰি ৰাখিবলৈ নতুন উপায় গ’ল্ডমেন ছেক্সৰ

1652769969 goldman

যিমান লাগে সিমান ছুটি ল‌ওক, চাকৰি যোৱাৰ ভয় নাই ! চাকৰিৰ বজাৰত অভিজ্ঞ লোকসকলক ধৰি ৰাখিবলৈ নতুন উপায় ৱাল ষ্ট্ৰিটৰ বিখ্যাত বেংক গ’ল্ডমেন ছেক্সৰ । সংস্থাৰ পুৰণা কর্মচাৰীসকলে ইচ্ছা মতে ছুটি ল’ব পাৰিব । ইয়াৰ বাবে পৃথককৈ আবেদন দিয়াৰ প্ৰয়োজন নাই ।

অতিমাৰী পৰিস্থিতি পাৰ হ’ল যদিও চাকৰিৰ বজাৰ এতিয়াও দুর্বল । বিশেষকৈ, ঘৰৰ পৰা কাম কৰা বন্ধ কৰি সংস্থাবোৰে কর্মচাৰীসকলক কাৰ্যালয়লৈ মাতি পঠোৱাৰ সময়ত, কার্যত তোলপাৰ লাগিছিল বজাৰত । গণ পদত্যাগৰ লগতে কামৰ মানো ক্রমাগত অবনমন হয় কর্প’ৰেট জগতত । এই পৰিপ্রেক্ষিতত নিত্যনতুন ব্যৱস্থা কৰা হৈছে মূলত গুৰুত্বপূর্ণ কর্মচাৰীসকলক ধৰি ৰখা । তেনে এক ব্যৱস্থাতে ৱাল ষ্ট্ৰিটৰ বেংক গ’ল্ডমেন ছেক্সে জনালে, তেওঁলোকে পুৰণা কর্মচাৰীসকলক ভ্ৰমণৰ ছুটিৰ চিৰাচৰিত ব্যৱস্থাত বৈপ্লৱিক পৰিৱর্তন আনিছে ।

নতুন ব্যৱস্থাত, সংস্থাৰ পার্টনাৰ আৰু মেনেজিং ডিৰেক্টৰসকলে যিমান দিন ইচ্ছা ছুটি ল’ব পাৰিব । কাৰণ, এই সংস্থাটোৱে ভাবে যে, কর্মচাৰীসকল মানসিকভাৱে যিমান সুস্থ থাকিব, সংস্থাৰ সিমানেই লাভ । নতুন ব্যৱস্থা সম্প্ৰতি পুৰণা কর্মচাৰীসকলৰ বাবেই । অৱশ্যে অন্য কর্মচাৰীসকলৰ ক্ষেত্রতো ছুটিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বখ্যাত এই বেংকটো ।

প্রসংগত, সপ্তাহত ১০০ ঘণ্টাৰ কামৰ প্রতিবাদত গ’ল্ডমেনৰ তলৰ মহলাৰ কর্মচাৰীসকলৰ মাজত অসন্তোষৰ সৃষ্টি হৈছিল । যি ৱাল ষ্ট্ৰিটৰ সর্বত্র বিয়পি পৰিছিল । সেই পৰিস্থিতি সলনি কৰি গ’ল্ডমেনে বিভিন্ন পদক্ষেপো লৈছে ।

সম্প্ৰতি আমেৰিকাসহ সমগ্ৰ বিশ্বত পৰিস্থিতি ক্রমশ স্বাভাৱিক হোৱাৰ পথত । এনে পৰিস্থিতিত কর্মচাৰীসকলক ‘ৱর্ক ফ্রম হোম’ৰ পৰা কাৰ্যালয়ত ঘূৰাই আনিবলৈ দুবেলা বিনামূলীয়া চুইংগামৰ ব্যৱস্থা কৰিছিল সংস্থাটোৱে । সম্প্রতি সেয়া বন্ধ কৰাৰ সিদ্ধান্ত হয় । তাৰ পাছতেই জানিব পৰা যায়, পুৰণা কর্মচাৰীসকলে ইচ্ছা মতে ছুটি ল’ব পাৰিব ।

Exit mobile version