Kim Jong-un : অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ সেনা মোতায়েন কিমৰ

124747670 mediaitem124747669

প্রতি ২৪ ঘণ্টাত শোচনীয় হৈছে উত্তৰ কোৰিয়াৰ ক’ভিড পৰিস্থিতি । অভিমুখ বেয়াৰ দিশেই । ক’ভিডত প্রথম মৃত্যুৰ খবৰ অহাৰ পাছৰ পৰা সোমবাৰ পর্যন্ত দেশজুৰি প্ৰায় ৫০ জনে প্রাণ হেৰুৱাইছে বুলি প্রশাসন সূত্রে খবৰ । ১০ লক্ষৰো অধিক সংক্রমিত । দেশজুৰি এই গুৰুতৰ অৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ এইবাৰ সেনা নমালে শাসক কিম জং উনে ।

যুদ্ধকালীন তৎপৰতাত অন্তত ৰাজধানীৰ বাসিন্দাসকলক প্রয়োজনীয় ঔষধ দিয়াৰ দায়িত্ব দিয়া হৈছে বাহিনীক । যদিও এতিয়াও ‘ক’ভিড’ নামটো উচ্চাৰণ কৰা নাই চৰকাৰী মুখপাত্রসকলে । বৰঞ্চ ক্রমাগত ‘জ্বৰ’ শব্দটোৱে ব্যৱহাৰ কৰি আছে তেওঁলোকে ।

সামৰিক বা কূটনৈতিক দিশৰ পৰা যিমানেই দ্বৈৰ্থতা নাথাকক কিয়, প্রতিবেশী ৰাষ্ট্রখনৰ এই দুঃসময়ত মানৱীয় সাহায্যৰ আশ্বাস দি আগবাঢ়ি আহিছে দক্ষিণ কোৰিয়া । দেশখনৰ ৰাষ্ট্ৰপতি ইয়ুন ছুক-ইয়’লে সোমবাৰে কয়, ‘‘উত্তৰ কোৰিয়াই যদি অনুমতি দিয়ে (সাহায্য দিবলৈ), তেনেহ’লে ক’ভিড টিকাসহ যাৱতীয় প্রয়োজনীয় ঔষধপত্র, চিকিৎসা সৰঞ্জাম আৰু স্বাস্থ্যকর্মী — সকলো প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ আমি প্রস্তুত ।’’

লগতে এই সময়ত উত্তৰ কোৰিয়াৰ বাবে সহযোগিতা আৰু কি কি ভাবে বঢ়াব পৰা যায়, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তেও সেই প্রসংগত আলোচনা কৰিব বুলি জনায় ৰাষ্ট্ৰপতি ছুক-ইয়’লে । চলিত সপ্তাহতেই দক্ষিণ কোৰিয়া ভ্ৰমণত আহিব বাইডেন ।

Exit mobile version