Lucknow name change debate : লক্ষ্মণপুৰী হ’ব নেকি লক্ষ্ণৌ ? মোদীৰ আগমনত যোগীৰ টুইটত বিতর্কৰ ঢৌ

1652784995707 1652784999329

নাম পৰিৱৰ্তনৰ ধাৰাক লৈ যোগী আদিত্যনাথে বহুবাৰ শিৰানামত আহিছে । উত্তৰ প্রদেশৰ একাধিক স্থানৰ নাম পৰিৱৰ্তনৰ খবৰত তেৱেঁই বহুবাৰ ডিবেট বা বিতর্কৰ কেন্দ্র হৈ আছে । কেৱল নাম পৰিৱৰ্তনক লৈয়ে বিতর্কৰ সৃষ্টি হোৱা নাই । স্থানসমূহৰ নতুনকৈ যি নাম ৰখা হৈছে তাত ধর্ম সংক্রান্ত বিষয় উত্থাপিত হ‌ওঁতেই বাৰেবাৰে বিতর্কৰ সৃষ্টি হয় । এইবাৰ আৰু এটা প্রশ্নক উচতনি দিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ।

উত্তৰ প্রদেশৰ নবাবৰ চহৰ হিচাপে পৰিচিতি লক্ষ্ণৌ । এইবাৰ সেই চহৰৰ নাম লক্ষ্ণৌৰ পৰা লক্ষ্মণপুৰী হ’ব নেকি ? এই বিতর্ক উত্থাপিত হৈছে যোগী আদিত্যনাথৰ এক সাম্প্রতিক টুইটক লৈ । উল্লেখ্য নেপাল ভ্ৰমণ শেষ কৰি ১৬ মে’ত উত্তৰ প্রদেশত উপস্থিত প্রধানমন্ত্রী । তেওঁক আগতীয়াকৈ আদৰণি জনাবলৈ যোগী আদিত্যনাথে এটা টুইট কথে । তেওঁ টুইটত লিখে, ‘শেষ অৱতাৰ ভগৱান লক্ষ্মণৰ পৱিত্র নগৰীত আপোনাক আদৰণি আৰু অভিনন্দন ।’ ইয়াৰ পাছতেই প্রশ্ন উত্থাপিত হয় শ্রীৰামচন্দ্রৰ অনুজ লক্ষ্মণৰ নামত এই চহৰৰ নামকৰণ কৰা হ’ব নেকি ?

যোগীৰ টুইটক লৈ বিতর্ক তুংগত সামাজিক মাধ্যমত । অনেকেই প্রশ্ন কৰিছে যে তেনেহ’লে কি উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ নাম এইবাৰৰ পৰা লক্ষ্মণপুৰী হ’ব ? এই বিতর্ক আৰু চংগা হৈছে কে’বাটাও ঘটনাক কেন্দ্র কৰি ।

লক্ষ্ণৌ চহৰত বিশালাকাৰ লক্ষ্মণৰ মূর্তিসহ মন্দিৰ নির্মাণ হৈছে । বহু বিজেপি নেতাই চহৰৰ নাম পৰিৱর্তন কৰি লক্ষ্মণপুৰী কৰাৰ দাবীত প্ৰশ্ন উত্থাপিত হৈছে । ইতিমধ্যে উত্তৰ প্রদেশ বিধানসভা নির্বাচনত জয়ী হৈ যোগী আদিত্যনাথে মুখ্যমন্ত্রীৰ আসন গ্ৰহণ কৰি বিজেপিৰ চৰকাৰ গঢ়িছে ।

ইয়াৰ পূৰ্বে, যোগী আদিত্যনাথৰ আমোলত উত্তৰ প্রদেশৰ এলাহাবাদ হৈছে প্রয়াগৰাজ, ফৈজাবাদ হৈছে প্রয়াগৰাজ । লক্ষ্ণৌ চহৰত যিহেতু লক্ষ্মণ পার্ক, লক্ষ্মণপুৰী, লক্ষ্মণ টিলাৰ দৰে স্থান আছে, তেনে স্থলত ধাৰণা কৰা হৈছে এই নাম পৰিৱর্তনৰ ঘোষণা হয়তো এতিয়া সময়ৰ অপেক্ষাত ! সময়েই ইয়াৰ উত্তৰ দিব ।

Exit mobile version