Taliban Government : মানৱাধিকাৰ কমিছনসহ পাঁচ চৰকাৰী মন্ত্রণালয় বন্ধ কৰিলে তালিবানে

220516 kabul afghanistan taliban ac 1123p 9b9689

মানৱাধিকাৰ কমিছনসহ চৰকাৰৰ পাঁচটা মন্ত্রণালয় বন্ধ কৰিলে আফগানিস্তানৰ তালিবান চৰকাৰে । সেই দেশৰ আর্থিক সংকটৰ পৰিস্থিতিত এই দপ্তৰবোৰ অপ্রয়োজনীয় বুলি জনাই বিজ্ঞপ্তি জাৰি কৰা হ’ল চৰকাৰৰ তৰফৰ পৰা । সোমবাৰে চৰকাৰৰ এজন কৰ্মকর্তাই এই কথা জনাইছে ।

ক্ষমতাত অহাৰ পাছত শনিবাৰে দেশৰ প্রথম ৰাষ্ট্ৰীয় বাজেট ঘোষণা কৰে তালিবান চৰকাৰে । বাজেট প্ৰকাশ কৰাৰ সময়ত চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, চলিত বিত্তবর্ষত আফগানিস্তান চৰকাৰে তিনি হেজাৰ ৮৯৬ কোটি টকাৰ নাটনিত আছে ।

তালিবান চৰকাৰৰ সহ-মুখপাত্র ইন্নামুল্লা সামাংগানিয়ে কয়, ‘‘এই মন্ত্রণালয়বোৰ প্রয়োজনীয় বুলি ধৰা নহয় আৰু বাজেটত অন্তর্ভুক্ত কৰা নহয় । সেয়ে এই মন্ত্রণালয়বোৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।’’

তেওঁ আৰু জনায়, বার্ষিক ৰাষ্ট্ৰীয় বাজেট‌ত কেৱল সক্রিয় দপ্তৰবোৰৰ দিশতে দৃষ্টি দিয়া হৈছে । প্রয়োজন হ’লে বাদ দিয়া দপ্তৰবোৰক পুনৰ সক্রিয় কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

আফগানিস্তানৰ মানৱাধিকাৰ কমিছনৰ উপৰিও হাই কাউন্সিল ফৰ নেছনেল ৰিকন্সিলিয়েছন (এইচচিএনআৰ), ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ আৰু আফগান সংবিধান বাস্তবায়নৰ দায়িত্বত থকা মন্ত্রণালয়ো বন্ধ কৰিছে তালিব চৰকাৰে ।

তালিবান ক্ষমতাত অহাৰ আগতে তালিবান আৰু তৎকালীন চৰকাৰৰ মাজত শান্তি আলোচনাৰ কাম কৰিছিল এইচচিএনআৰ-এ ।

Exit mobile version