Wheat Export Ban Relaxation : গমৰ ৰপ্তানি কিছু শিথিল কৰিলে কেন্দ্র‌ই, অৱশ্যে কিছু চৰ্ত থাকিব

14ukraine blog india wheat

গম ৰপ্তানিৰ ক্ষেত্রত বিধিনিষেধ সামান্য শিথিল কৰিলে কেন্দ্র‌ই । মঙলবাৰে কেন্দ্রৰ তৰফৰ পৰা জনোৱা হৈছে, যোৱা ১৩ মে’ বা তাৰ আগতে গমৰ যি ‘কনছাইনমেন্ট’বোৰ শুল্ক দপ্তৰৰ হাতত পৰীক্ষাৰ বাবে দাঙি ধৰা হৈছে আৰু নথিভুক্ত হৈছে, সেইবোৰ বিদেশত ৰপ্তানি কৰা হ’ব । অর্থাৎ সার্বিকভাৱে বিধিনিষেধ অটুট থাকিল ।

গমৰ ৰপ্ততানিত বিধিনিষেধ

মার্চৰ মাজভাগত দেশজুৰি তীব্র তাপপ্রবাহ দেখা দিছিল । সেয়ে ভাৰতত গমৰ উৎপাদন হ্রাস পায় । গমৰ দামে অভিলেখ গঢ়িলে । এপ্রিলত গমৰ দাম ৬.৯৫% বাঢ়িছে । তাৰ পাছতেই ভাৰতে আগন্তুক দিনত গম ৰপ্তানি বন্ধ কৰিব পাৰে বুলি শংকা সৃষ্টি হৈছিল । সেই শংকা সত্য প্রমাণিত হয় ।

ভাৰতৰ সেই সিদ্ধান্তৰ সমালোচনা কৰে বিশ্বৰ একাধিক দেশে । বিশেষকৈ ইউৰোপৰ দেশসমূহৰ তৰফৰ পৰা তীব্র অসন্তোষ্টি প্রকাশ কৰা হয় । ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ মাজতে ভাৰতে গমৰ ৰপ্তানি বন্ধ কৰি দিয়াত হঠাৎ দাম বৃদ্ধি হ’বলৈ লয় এই দেশসমূহত । সেই পৰিস্থিতিতে জার্মানীৰ তৰফৰ পৰা বিবৃতি দি কোৱা হয়, ‘জি-৭-এ ভাৰতৰ এই সিদ্ধান্তক গৰিহণা দিছে ।’

যদিও চীনৰ চৰকাৰী সংবাদমাধ্যম গ্ল’বেল টাইমছৰ প্রতিবেদনত কোৱা হয়, ‘ভাৰতক দোষাৰোপ কৰিলে খাদ্য সংকট সমাধান নহয় ।’ লগতে কোৱা হয়, ‘আজি জি-৭ দেশসমূহে ভাৰতক আবেদন কৰিছে যাতে গম ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা নহয়, তেনেহ’লে এই দেশসমূহে খাদ্য সৰবৰাহ স্থিতিশীল ৰাখিবলৈ নিজে কিয় নিজৰ গম ৰপ্তানি বৃদ্ধি কৰা নাই ?’

Exit mobile version