অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ অৱসৰৰ সময় বৃদ্ধি আৰু অৱসৰকালীন সাহায্যৰ দাবী

অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই আজি অৱসৰৰ সময় ৬৫ বছৰলৈ বৃদ্ধি কৰাৰ লগতে একাধিক দাবী জনাই মহানগৰীৰ চানমাৰিত প্ৰতিবাদ সাব্যস্ত কৰিছে । উল্লেখ্য যে যোৱা ২২ মাৰ্চ, ১৩ এপ্ৰিল আৰু ন মে’ত সমাজ কল্যাণ বিভাগত অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই অৱসৰৰ সময় ৬৫ বছৰলৈ বৃদ্ধি আৰু অৱসৰকালীন সাহায্যৰ চৰকাৰী জাননী প্ৰকাশৰ বাবে আবেদন জনাইছিল । কিন্তু সংশ্লিষ্ট বিভাগে উল্লেখিত স্মাৰক পত্ৰত কোনো সঁহাৰি নজনালে ।

ইতিমধ্যে অসমৰ বিভিন্ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকলে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক অৱসৰ গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে । একেদৰে যোৱা ১১ মে’ত উচ্চতম ন্যায়ালয়ে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান কৰাৰ নিৰ্দেশ সম্পৰ্কতো স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও কোনো ধৰণৰ সঁহাৰি দিয়া নাই সমাজ কল্যাণ বিভাগে ।

অংগনবাড়ী কৰ্মী-সহায়িকাসকলে দাবী কৰে যে যোৱা ২৪ ডিচেম্বৰত ৰাজ্য চৰকাৰে কৰ্মী-সহায়িকাসকলৰ বাবে অৱসৰকালীন সাহায্য সম্পৰ্কত ঘোষণা কৰা চাৰি লাখ, মিনি কৰ্মীৰ বাবে তিনি লাখ আৰু সহায়িকাৰ বাবে দুই লাখ সাহায্যৰ ধনৰাশি সম্পৰ্কত চৰকাৰী জাননী অতি শীঘ্ৰে প্ৰকাশ কৰিব লাগে । লগতে সম্পূৰ্ণ বিষয়টো স্পষ্ট কৰিবৰ বাবে কৰ্মী-সহায়িকাসকলে সমাজ কল্যাণ বিভাগক অনুৰোধ জনাইছে ।

Exit mobile version