সাংসদ আব্দুল খালেকৰ নিজ গাঁও বৰতাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ আমছুৰ

গভীৰ সংকটত ৰাজ্যিক ঘাইপথ, দলং, নৈপৰীয়া পৰিয়াল

জনীয়া সমষ্টিৰ অন্তৰ্গত বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ কলগাছিয়া জিলা সমিতিয়ে । ২০২১-২২ বৰ্ষৰ এছঅ’পিডি আচঁনিৰ জৰিয়তে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নিজ গাঁও বৰতাৰীৰ মানাহ নদীৰ ভয়াৱহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তিনি কোটি ৩১ লাখ ৯২ হেজাৰ টকা আবন্টন দিয়ে । কিন্তু কামটোত সংঘটিত হোৱা দূৰ্নীতিত সাংসদ আব্দুল খালেকে মোটা অংকৰ কমিছন লৈ দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে ৷

শীঘ্ৰে তদন্ত সাপেক্ষে সঠিকভাৱে কাম সম্পন্ন কৰাৰ দাবী জনাইছে সংগঠনটোৱে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান দিছে ৷

উল্লেখ্য যে, ঠিকাদাৰ অখিল ৰয়ে গৰাখহনীয়া প্ৰতিৰোধৰ নামত কেইটামান খুঁটা পুতি সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে আমছুৱে । বৰপেটা জিলা উপায়ুক্ত আৰু বিভাগীয় কৰ্তৃপক্ষক কামৰ তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি শ শ পৰিয়ালক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ দাবী জ

Exit mobile version