Gujarat Wall Collapse : দেৱাল ভাঙি ১২ জন শ্রমিকৰ মৃত্যু, আতংক, আর্তনাদৰ প্রহৰ গুজৰাটত

দেৱাল ভাঙি ১২ জন শ্রমিকৰ মর্মান্তিক মৃত্যু গুজৰাটত । সংবাদ সংস্থা পিটিআইয়ে দিয়া তথ্য অনুযায়ী, গুজৰাটৰ মোৰবি অঞ্চলত দেৱাল ভাঙি এনে ঘটনা সংঘটিত হৈছে । সেই ঠাইৰ হালৱাদত এটা কাৰখানাত এই মর্মান্তিক কাণ্ড ঘটিছে বুলি খবৰ ।

তথ্য অনুসৰি, সাগৰ ছল্ট ফেক্টৰিত ১২ জন শ্রমিকৰ দেৱাল খহি মৃত্যু হৈছে । ৰাজ্যৰ মন্ত্রী ব্রিজেশ মিশ্র‌ই, তেওঁলোক সকলোৰে পৰিয়খলৰ লগত চৰকাৰ আছে বুলি জনাইছে ।

উল্লেখ্য ব্রিজেশ মিশ্র কেৱল গুজৰাটৰ মন্ত্রীয়ে নহয়, যিটো অঞ্চলত এই ঘটনা সংঘটিত হৈছে তাৰ বিধায়কো । সন্দেহ কৰা হৈছে যে, অনেকেই গুজৰাটত ধ্বংসস্তূপৰ তলত হেঁচা খাই আছে । তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবলৈ উদ্যোগী চৰকাৰ । স্থানীয়সকলেও এই উদ্ধাৰ কাৰ্যত সহায় কৰিছে ।

অঞ্চলৰ বিধায়ক আৰু স্থানীয় মন্ত্রী ব্রিজেশ মিশ্র‌ই এই দুর্ঘটনা সম্পর্কত কয়, ‘প্ৰায় ১২ জন শ্রমিকৰ এই ঘটনাত মৃত্যু হৈছে । যিসকল ধ্বংসস্তূপৰ তলত আছে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলিছে ।’

ইপিনে প্রধানমন্ত্রীৰ দপ্তৰৰ তৰফৰ পৰা মৃতৰ পৰিয়ালক দুই লাখ টকা ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰা হৈছে । প্রাইম মিনিষ্টাৰ নেছনেল ৰিলিফ ফাণ্ডৰ তৰফৰ পৰা এই ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ উপৰি আহতসকলক ৫০ হেজাৰ টকা দিয়াৰো সিদ্ধান্ত গৃহিত হৈছে ।

Exit mobile version