NATO : ৰাছিয়াৰ সকীয়নিক উপেক্ষা কৰি নেটোত ফিনলেণ্ড, ছুইডেন ! ‘ঐতিহাসিক’ মন্তব্য নেটো প্রধানৰ

thumbs b c f8519fcf70cc7e883f568509b976d311

ৰাছিয়াৰ সকীয়নি উপেক্ষা কৰি নেটোত যোগ দিলে ইউৰোপৰ দুই দেশ ফিনলেণ্ড আৰু ছুইডেনে । নেটো প্রধান জেন্স ষ্টোল্টেনবার্গক বুধবাৰে আবেদনপত্র দিয়ে দুই দেশৰ ৰাষ্ট্রদূতে । এই সিদ্ধান্তক ঐতিহাসিক পদক্ষেপ বুলি বর্ণনা কৰে নেটো প্রধানে ।

অৱশ্যে নেটো সদস্য তুৰস্ক‌ই এই যোগদানৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ অভিযোগ এই দুই প্রতিবেশী দেশে তুৰস্কৰ বিদ্রোহী গোষ্ঠীক আশ্রয় দিছে । যদিও নেটো প্রধানে কয়, “সদস্য দেশসমূহৰ নিৰাপত্তাৰ স্বার্থত আমি একেলগে কাম কৰিব লাগিব আৰু এই কাম কৰিবলৈ গৈ অনেক সমস্যাৰ সন্মুখীন হ’ব লাগিব । অৱশ্যে সেইবোৰো সমাধান কৰিবলৈ দ্রুত সিদ্ধান্ত লোৱা হ’ব ।”

নেটোৰ প্ৰধান ষ্টোল্টেনবার্গে জনাইছে, নেটোক আৰু শক্তিশালী কৰিবলৈ সকলো সদস্য দেশেই সহমত পোষণ কৰিছে । অৱশ্যে তুৰস্কৰ আপত্তিৰ বিষয়টোক লৈ সদস্য দেশসমূহে আশা প্রকাশ কৰিছে যে, সম্ভৱত অতি শীঘ্ৰে এই সমস্যাও সমাধান হ’ব ।

ইউক্রেইনৰ পাছতেই যেতিয়া ফিনলেণ্ড আৰু ছুইডেনে নেটোত যোগদানৰ প্রস্তুতি কৰিছিল, মস্কোৱে সকীয়নি দিছিল ইয়াৰ ফল ভুগিব লাগিব । ইউক্রেইনৰ দৰে পৰিস্থিতি হ’ব পাৰে বুলিও সকীয়নি দিয়া হৈছিল । কিন্তু ফিনলেণ্ডৰ প্রধানমন্ত্রী ছানা মাৰিনে জনাইছিল যে, ৰাছিয়াৰ হুমকিত তেওঁলোক ভয় নাখায় । আনকি পৰমাণু হুমকিতো নহয় ।

যোৱা ন মে’ত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে হুমকি দিছিল যে, নেটোনে সদস্য বঢ়োৱা বন্ধ কৰক । আনকি সকীয়নিও দিছিল যে, এই দুই দেশে যদি নেটোত যোগ দিয়ে, তেনেহ’লে সামৰিক আৰু প্রযুক্তিগত দিশৰ পৰা উপযুক্ত উত্তৰ দিয়া হ’ব । তাৰ মাজতেই ফিনলেণ্ড আৰু ছুইডেনৰ আকাশসীমাত ৰুছ সামৰিক বিমান দেখা যায় । তাৰ পাছতেই জল্পনা আৰম্ভ হয়, এইবাৰ ফিনলেণ্ড আৰু ছুইডেনতো সামৰিক অভিযানৰ পাং পাতিছে নেকি ৰাছিয়াই ।

Exit mobile version