Nepal : নেপালত নিযুক্ত ভাৰতৰ নতুন ৰাষ্ট্রদূত নবীন শ্রীবাস্তৱ

NaveenSrivastava 20220504144846

মঙলবাৰে নেপালত (Nepal) ভাৰতৰ (India) নতুন ৰাষ্ট্রদূত হিচাপে নিযুক্ত হৈছে নবীন শ্রীবাস্তৱ (Naveen Srivastava) । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেপালৰ লুম্বিনি ভ্রমণৰ পাছতেই বৈদেশিক মন্ত্রণালয়ে এই খবৰ জনাইছে ।

ইয়াৰ আগতে বিনয় মোহন কাত্রা (Vinay Mohan Kwatra) নেপালত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে কৰ্মৰত আছিল । তেওঁক দুসপ্তাহ আগতে দেশৰ বৈদেশিক সচিব পদত নিযুক্ত কৰা হয় । ১৯৯৩ৰ আইএফএছ নবীন শ্রীবাস্তৱে বর্তমান বৈদেশিক মন্ত্রণালয়ৰ অতিৰিক্ত সচিব হিচাপে কাম কৰে ।

পূৱ এছিয়া ডিভিছনৰ অতিৰিক্ত সচিব হিচাপে চীনৰ (China) স’তে লাদাখ (Ladakh) সীমান্ত সমস্যাত বিভিন্ন কূটনৈতিক আলোচনাত নেতৃত্ব দিছে নবীন শ্রীবাস্তৱে । সীমান্ত সমস্যাত দুই দেশৰ সামৰিক আলোচনাৰ দলতো আছিল তেওঁ ।

এই অঞ্চলত সামগ্রিক কৌশলগত স্বার্থৰ বাবে নেপাল ভাৰতৰ বাবে গুৰুত্বপূর্ণ । দুই দেশৰ নেতাসকলে বিভিন্ন সময়ত দুই দেশৰ “সনা পিঠা” সম্পর্কৰ কথা উল্লেখ কৰিছে ।

Exit mobile version