PSU Disinvestment : বিক্রী বা বন্ধ কৰা হ’ব ৬০টা চৰকাৰী সংস্থা ! প্ৰস্তুত কৰা হ’ব তালিকা

PTI09 03 2021 000085B 0 1630691680953 1630739078395

সাৰ, বস্ত্র, ৰাসায়নিক আৰু পেট্র’কেমিকেল, ফার্মাচিউটিকেলছ আৰু বাণিজ্য মন্ত্রণালয়ৰ অধীনত কে’বাটাও কেন্দ্রীয় পাবলিক ছেক্টৰ এন্টাৰপ্রাইজৰ (CPSEs) বেচৰকাৰীকৰণ বা সংস্থাসমূহক বন্ধ কৰিবৰ বাবে প্রাথমিক তালিকা প্ৰস্তুত কৰা হ’ব পাৰে শীঘ্রে । এই তালিকাত ৬০টা সংস্থাক অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা । ইয়াৰ বাবে চৰকাৰে নন-ষ্ট্ৰেটেজিক সংস্থাসমূহ বাছনি কৰি সেইবোৰৰ বিলগ্নীকৰণৰ পৰিকল্পনা বাস্তৱায়নৰ প্রস্তুতি চলাইছে ।

বিষয়টোৰ বিষয়ে অৱগত সূত্র মাৰফত জানিব পৰা গৈছে যে নন-ষ্ট্ৰেটেজিক ছেক্টৰত প্রায় ১৭৫টা চিপিএছই আছে । যাৰ ভিতৰত এক-তৃতীয়াংশ বন্ধ হোৱাৰ পথত আৰু বাকী সংস্থাসমূহৰ ক্ষেত্রতো লাহে লাহে বেচৰকাৰীকৰণৰ পথ অৱলম্বন কৰিব পাৰে কেন্দ্র‌ই । ই‌য়াৰ ভিতৰত কিছু অলাভজনক সংস্থাক প্রাইভেট ছেক্টৰৰ হাতত তুলি দিয়া হ’ব ।

নীতি আয়োগ, পাবলিক এন্টাৰপ্রাইজেছ বিভাগ আৰু প্রশাসনিক মন্ত্রণালয়ৰ এদল বিষয়াই এনে সংস্থাবোৰক চিহ্নিত কৰিছে যাৰ বেচৰকাৰীকৰণৰ বা বন্ধ কৰা হ’ব । চলিত বিত্তবৰ্ষৰ বাজেটতো এই কৌশল সম্পর্কে আভাস দিয়া হৈছিল কেন্দ্রৰ তৰফৰ পৰা । সূত্রৰ মতে, মাদ্রাজ ফার্টিলাইজাৰছ আৰু নেছনেল ফার্টিলাইজাৰছসহ সাৰ মন্ত্রণালয়ৰ অধীনত নটা চিপিএছই-ৰ বেচৰকাৰীকৰণৰ সম্ভাৱনা আছে । দেশত প্রচুৰ পৰিমাণে সাৰ আমদানি কৰা হয় । এই পৰিপ্রেক্ষিতত, চৰকাৰে সাম্প্রতিক বছৰবোৰত দেশীয় উৎপাদন বৃদ্ধি কৰাৰ চেষ্টা চলাইছে । এনে পৰিস্থিতিত এই সংস্থাবোৰ বেচৰকাৰী খণ্ডৰ বাবে আকর্ষণীয় হ’ব পাৰে ।

ইপিনে বস্ত্র মন্ত্রণালয়ৰ অধীনত চিপিএছই-বোৰৰ ভিতৰত আছে নেছনেল টেক্সটাইল কর্প’ৰেছন (NTC) । কেন্দ্র‌ই এই সংস্থাটো বন্ধ কৰিব পাৰে । এই সংস্থাৰ অধীনত অপ্রচলিত প্রযুক্তিৰ ২৩টা মিল আছে । বাণিজ্য মন্ত্রণালয়ৰ অধীনত অহা দুটা ট্রেডিং কোম্পানি বন্ধ হৈ যাব কাৰণ তেওঁলোকৰ ব্যৱসায় কিছু বছৰ ধৰি অলাভজনক হৈ পৰিছে ।

Exit mobile version