Ruchi Soya Acquisition : ৬৯০ কোটি টকাত ‘হস্তান্তৰ’ পতঞ্জলীৰ খাদ্যসামগ্রীৰ ব্যৱসায়

Patanjali Ayurved Herbal Products Manufacturer in India

পতঞ্জলি খাদ্যসামগ্রীৰ ব্যৱসায় অধিগ্রহণ কৰিলে ৰুচি ছয়া লিমিটেডে (Ruchi Soya Limited) ।

পতঞ্জলী আয়ুর্বেদৰ খাদ্যসামগ্রীৰ সমগ্ৰ ব্যৱসায় ৬৯০ কোটি টকাত ক্ৰয় কৰিলে ৰুচি ছয়া লিমিটেডে (Ruchi Soya Limited) । পতঞ্জলিৰ ফুড ৰিটেল ব্যৱসায়ৰ অধীনত মুঠ ২১টা দ্রব্য আছে । ঘি, মৌ, মচলা, আটা – সকলো আছে ইয়াৰ ভিতৰত । পতঞ্জলিৰ খাদ্যসামগ্রীৰ উৎপাদন (Production), পেকেজিং আৰু খুচৰা ব্যৱসায় (Retail Business) অধিগ্রহণ কৰিছে ৰুচি ছয়াই । অধিগ্রহণৰ পাছতেই নাম সলনিৰ সিদ্ধান্তত ছিলমোহৰ ব’র্ডৰ (Board) । ব্যৱসায়ৰ নতুন নাম হ’ব পতঞ্জলি ফুড লিমিটেড (Patanjali Food Limited) ।

কিমান টকাত হস্তান্তৰ কৰিলে :
ষ্টক এক্সেঞ্জত (Stock Exchange) বিক্ৰীৰ তথ্য জনোৱাৰ সময়ত বুধবাৰে জনোৱা হৈছে যে, ৬৯০ কোটি (690 Crores) টকাত সংস্থা বিক্ৰী কৰা হৈছে । পতঞ্জলীৰ ফুড ডিভিছনৰ (Food Business) যাৱতীয় স্থায়ী সম্পত্তি আৰু বর্তমান সম্পত্তিৰ গণনা কৰি এই দাম ধার্য কৰা হৈছে ।

পতঞ্জলী আয়ুর্বেদৰ ব’র্ডে তেওঁলোকৰ খাদ্য সামগ্রীৰ ব্যৱসায়ক ৰুচি ছয়াৰ হাতত হস্তান্তৰ কৰাৰ সিদ্ধান্তত আগতেই ছিলমোহৰ দিছিল । এই চুক্তিৰ ফলত হৰিদ্বাৰ আৰু মহাৰাষ্ট্রৰ দুটা কাৰখানা ৰুচি ছয়াৰ (Ruchi Soya) হাতত যাব ।

৬৯০ কোটি টকাত হস্তান্তৰ কৰা হৈছে সংস্থাটো । মুঠ টকা তিনি পৰ্যায়ত দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । প্রথম পৰ্যায়ত ১৫ শতাংশ টকা দিয়া হ’ব । যাৰ পৰিমাণ ১০৩.৫ কোটি টকা । পাছৰ দুই পৰ্যায়ত ৪২.৫ শতাংশ টকাকৈ দিয়া হ’ব ।

১৫ জুলাইৰ ভিতৰত হস্তান্তৰৰ সমগ্ৰ প্রক্রিয়াটো সম্পূর্ণ হ’ব বুলি সূত্রৰ খবৰ । FMCG ছেক্টৰত ব্যৱসায় আৰু বৃদ্ধিৰ বাবে অধিগ্রহণৰ সিদ্ধান্ত বুলি জনোৱা হৈছে সংস্থাৰ তৰফৰ পৰা । পতঞ্জলীক বিশ্বৰ সৰ্বোচ্চ FMCG সংস্থা হিচাপে প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছে ।

Exit mobile version