তামুলপুৰৰ দলংপাৰ আৰু বৰখোপাত খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তাৎক্ষণিকভাৱে খহনীয়া ৰোধৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ

20220519143633 086A1154

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তামুলপুৰৰ দলংপাৰ আৰু বৰখোপা অঞ্চলত মতঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । খহনীয়াত পৰা অঞ্চল দুটাত গৰাখহনীয়া আৰু বানপানী ৰোধৰ বাবে তাৎক্ষণিকভাৱে অস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে অঞ্চল দুটা পৰিদৰ্শন কালত স্থানীয় লোকসকলৰ লগতো মত বিনিময় কৰি শীঘ্ৰে খহনীয়া ৰোধৰ সাময়িক কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰে ।

আজিৰ পৰিদৰ্শনকালত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে বি টি আৰ অঞ্চলক বিগত বৰ্ষত জলসম্পদ বিভাগে ১২১ কোটি টকাৰ পুঁজিৰ আৱণ্টন দিছে যিয়ে অঞ্চলটোৰ প্ৰতি থকা মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাক প্ৰতিফলিত কৰে, কিয়নো নিজা পুঁজি থকা বি টি আৰক ইমানখিনি টকা আগতে কেতিয়াও বিভাগৰ ফালৰ পৰা দিয়া হোৱা নাছিল । এই পুঁজিখিনিৰে ইতিমধ্যে কাম আৰম্ভ হৈছে অথবা কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বি টি আৰৰ প্ৰতি থকা চৰকাৰৰ এই সদিচ্ছা সদায়ে থাকিব ।

দলংপাৰ আৰু বৰখোপা দুয়োটা অঞ্চলতে সাময়িকভাৱে খহনীয়া ৰোধৰ বাবে কাম অহা কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হঠাৎ নামি অহা ধলৰ বাবে পাহাৰীয়া নদীসমূহত সদায়ে এনেদৰে খহনীয়াৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে । আনহাতে, জলসম্পদ বিভাগে বাৰিষাহে কাম কৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষা সাময়িক কামখিনি কৰিবই লাগিব, কিয়নো এই সময়ছোৱাত স্থায়ী সমাধানৰ কামসমূহ কৰিব পৰা নাযায় । প্ৰতিৰক্ষাৰ বাবে স্থায়ী সমাধানৰ সমান্তৰালভাৱে বাৰিষাও মথাউৰি ৰক্ষাৰ বাবে সাময়িকভাৱে কাম কৰিবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত বিধায়ক জলেন দৈমাৰী, জিলা উপায়ুক্তৰ লগতে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাসকল উপস্থিত আছিল ।

Exit mobile version