বানপীড়িতৰ কাষত সাংসদ বদৰুদ্দিন আজমল

WhatsApp Image 2022 05 19 at 6.22.24 PM

ৰাজ্যখনৰ চৌদিশে বানপানী, কে’বাখনো জিলা জলমগ্ন । ঘৰৰ মুধচলৈকে পানী, বানপানীয়ে গঞা ৰাইজক বিধ্বস্ত কৰি পেলাইছে ।

ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে হোজাই জিলাৰ যমুনামুখ সমষ্টি আৰু হোজাই সমষ্টি বানপানীৰে প্লাবিত হৈ পৰিছে । চাৰি-পাঁচদিনৰ পৰা জনসাধাৰণ পানীৰ তলত । নিজৰ পৰিয়াল কোনোবা ৰাস্তাত শিবিৰ পাতি আছে । ৰাইজৰ এনে দূৰদৰ্শাৰ খবৰ লাভ কৰে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ সভাপতি মৌলানা বদৰুদ্দিন আজমলে ।

যমুনামুখ সমষ্টিৰ কে’বাটাও বান বিধ্বস্ত অঞ্চলত পাঁচ ঘন্টা জোৱৰা নাৱেৰে পৰিদৰ্শন কৰে । ভেদৌ আটি, চাৰ্লক জি পিৰ লগতে বিন্ধাকান্দি জংগলব্লক লৈ নাৱেৰে যাত্ৰা কৰি ৰাইজৰ স’তে মত বিনিময় কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ৰিলিফৰ খাদ্য-সামগ্ৰী, তিৰপাল আদিৰ বিতৰণ কৰে সাংসদ আজমলে ।

লগতে উত্তৰ-পূবৰ অন্যতম স্বেচ্ছাসেৱী আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মাৰিফক বানপীড়িত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে যে । আজমল চি এছ আৰৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত দুই সংস্থা ক্ৰমে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মাৰিফে নাৱেৰে খাদ্য সামগ্ৰী লৈ যায় বান বিধ্বস্ত অঞ্চলত ।

সাংসদ আজমলে কয় যে আমি প্ৰথমে মানুহ তাৰ পাছত ৰাজনৈতিক নেতা । যমুনামুখ সমষ্টিৰ লগত আমাৰ আবেগ জড়িত হৈ আছে, যমুনামুখৰ ৰাইজে আমাক কি দিয়া নাই । যমুনামুখৰ ৰাইজে আমাক সন্মান দিছে, বিধায়ক সাংসদ বনাইছে ।

Exit mobile version