Google : বেংক একাউন্ট বাজেয়াপ্ত, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰিব গুগলে !

Google search

ৰুছ চৰকাৰে তেওঁলোকৰ সমস্ত বেংক একাউন্ট বাজেয়াপ্ত কৰাত এইবাৰ নিজকে দেউলিয়া ঘোষণা কৰিব গুগলৰ ৰাছিয়া শাখাই । এই মর্মে এটা জাননীও দিছে তেওঁলোকে । জনাইছে, ৰুছ চৰকাৰৰ এই সিদ্ধান্তত কর্মচাৰীসকলৰ বেতনো দিব পৰা নাই গুগলে ।

সংবাদ সংস্থা ৰয়টাৰ্ছক গুগলৰ এজন মুখপাত্র‌ই কয়, “চৰকাৰে আমাৰ সমস্ত বেংক একাউন্ট বাজেয়াপ্ত কৰিছে । ফলত এই দেশত কাম কৰাৰ দৰে পৰিস্থিতি নাই । বেতন পোৱা নাই কৰ্মচাৰীসকলে । চৰম সংকটৰ সন্মুখীন হৈছে সংস্থাটো ।”

ৰুছ চৰকাৰৰ এই সিদ্ধান্তৰ ফলত যে ৰাছিয়াৰ পৰা তেওঁলোকৰ ব্যৱসায় পৰিহাৰ কৰিব বিচাৰিছে গুগলে, সংস্থাৰ মুখপাত্রৰ কথাতেই স্পষ্ট । ইউক্রেইনত সামৰিক অভিযানৰ বিৰোধিতা কৰি গুগলসহ কে’বাটাও সংস্থাই তেওঁলোকৰ সেৱা বন্ধ কৰি ৰুছ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা কৰে । কিন্তু গুগলৰ সেই সিদ্ধান্তই এইবাৰ বুমেৰেঙৰ দৰে ঘূৰি আহিল বুলি ধাৰণা কৰা হৈছে ।

কে’বা মাহ ধৰি ৰুছ চৰকাৰে গুগলৰ ওপৰত উলোটাই চাপ বৃদ্ধি কৰা আৰম্ভ কৰে । অৱশেষত ‘শাস্তি’ দিবলৈ সংস্থাৰ সমস্ত একাউন্ট বাজেয়াপ্ত কৰে । বিগত বৰ্ষৰ মে’ত গুগলক ৮২ হেজাৰ ডলাৰ জৰিমনা বিহিছিল ৰাছিয়াই । গুগলক তেতিয়া কোৱা হৈছিল চৰকাৰ বিৰোধী কে’বাটাও বিষয় মছি পেলাব লাগিব । কিন্তু গুগলে তাকে নকৰাত জৰিমনা ভৰিবলগীয়া হয় ।

অৱশ্যে গুগলে জনাইছে, সেৱা বন্ধ কৰিলেও গুগল ছার্চ, মেপ আৰু ইউটিউব সেৱা বিনামূলীয়া কৰা হ’ব ।

Exit mobile version